নগাওঁ, নগাওঁ জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ বন কৰ্মীয়ে চোৰাং কাঠ সৰবৰাহৰ বিৰুদ্ধে লাভ কৰে বৃহৎ সাফল্য। আজি পুৱতি নিশা চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলাই এখন টাটা ডিআই গাড়ী সহ কাঠ জব্দ কৰে শালনা বনকৰ্মীয়ে৷
আজি পুৱতি নিশা এক গোপন খৱৰৰ ভিত্তিত শালনা বনাঞ্চলিক বিষয়া বিভূতি মজুমদাৰৰ নেতৃত্বত টহলদিয়া এটা বন কৰ্মীৰ দলে চামগুৰিৰ বৰদলত মাকৈ শাল কাঠ খিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ চোৰাংকৈ কাঠ কঢ়িয়াই অনা গাড়ীখনৰ নম্বৰ এএছ ০৯ চি ৬৭৬০ বুলি জনা গৈছে। অৱশ্যে নিশা আন্ধাৰৰ সুযোগ লৈ চোৰাং কাঠ বেপাৰী আৰু গাড়ীৰ চালকে পলায়ন কৰে। বৰ্তমান মান চোৰাং কাঠ খিনি শালনা বনাঞ্চলিকৰ কাৰ্যলয়তে ৰখা হৈছে ৷
