ডুবাই, ১৭ ছেপ্টেম্বৰ (হি.স.)। সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ৰ বিৰুদ্ধে এছিয়া কাপ ২০২৫ৰ গুৰুত্বপূৰ্ণ খেলখনৰ পূৰ্বে পাকিস্তানে বুধবাৰে খেলৰ পূৰ্বৰ সংবাদমেল বাতিল কৰে। অৱশ্যে ভাৰতীয় দলটোৱে অনুশীলন কৰি থকা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ একাডেমী কমপ্লেক্সত অনুষ্ঠিত হোৱা অনুশীলন অব্যাহত ৰাখিলে দলটোৱে। শেহতীয়াকৈ হেণ্ডশ্বেক বিতৰ্কৰ পিছত উত্তেজনাপূৰ্ণ পৰিৱেশৰ মাজতে এই ঘটনা সংঘটিত হয়।
পাকিস্তান ক্ৰিকেট ব’ৰ্ডে আইচিচিক মেচ ৰেফাৰী এণ্ডি পাইক্ৰাফ্টক অপসাৰণ কৰিবলৈ আবেদন জনাইছিল যদিও সেই অনুৰোধ নাকচ কৰা হয়। ভাৰত-পাকিস্তান খেলৰ পূৰ্বে পাইক্ৰাফ্টে পাকিস্তানৰ অধিনায়ক ছলমান আলী আঘাক জনাইছিল যে তেওঁ ভাৰতীয় সমকক্ষ সূৰ্যকুমাৰ যাদৱৰ সৈতে টছৰ সময়ত হাত মিলাব নোৱাৰে। ইয়াৰ ফলত পাকিস্তানে ইউ এ ইৰ বিৰুদ্ধে খেলখনৰ পৰা আঁতৰি আহিব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। অৱশ্যে মেচখনৰ বাবে পাইক্ৰাফ্ট ৰেফাৰী হৈ থাকিব।
এই মেচখন পাকিস্তান আৰু ইউ এ ই দুয়োৰে বাবে ডু অৰ ডাই পৰিস্থিতি, কিয়নো বিজয়ী দলে ছুপাৰ ফোৰৰ বাবে যোগ্যতা অৰ্জন কৰিব। ইফালে, ইতিমধ্যে ভাৰতে একেৰাহে দুটা জয়ৰে ছুপাৰ ফোৰৰ বাবে যোগ্যতা অৰ্জন কৰিছে।
ভাৰতীয় দলটোৱে মঙলবাৰে তিনি ঘণ্টা ধৰি গৰমৰ মাজত অনুশীলন কৰে, সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হয়। ইফালে পাকিস্তানে নিশা ৮ বজাৰ পৰা আৰম্ভ কৰি প্ৰায় ২০ মিনিট ধৰি লাইট ফুটবল ৱাৰ্ম আপত লিপ্ত হয়।
ভাৰতৰ হৈ সঞ্জু চেমচন, অক্ষৰ পেটেল, আৰু হাৰ্দিক পাণ্ডিয়াই প্ৰথমে নেটত বেটিং কৰে, তাৰ পিছতে শুবমান গিল আৰু সূৰ্য্যকুমাৰ যাদৱে। এই সময়ছোৱাত হৰ্ষিত ৰাণাই কিছুমান শক্তিশালী শ্বট খেলিছিল, তাৰ ভিতৰত এটা শ্বট পাকিস্তান দলৰ অনুশীলন খেলপথাৰৰ ফালে গৈছিল।
ভাৰতীয় বলাৰসকলে তুলনামূলকভাৱে লঘু অনুশীলন কৰিছিল, কিয়নো যোৱা দুখন মেচত তেওঁলোকে খেলপথাৰত দীৰ্ঘ সময় কটাবলগীয়া হৈছে। গৰম আৰু আৰ্দ্ৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে ওমানৰ বিৰুদ্ধে খেলখনৰ বাবে বেগী বলাৰ জছপ্ৰিত বুমৰাহে জিৰণি লোৱাৰ সম্ভাৱনা আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
