-মহিলা দলীয় শাখাত ৰেলৱেৰ সোণৰ পদক অৰ্জন
ভুৱনেশ্বৰ, ০৪ জানুৱাৰী (হি.স.)। বুধবাৰে ছিনিয়ৰ আৰ্টিষ্টিক জিমনাষ্টিকছ নেশ্যনেল চেম্পিয়নশ্বিপ ২০২৪ৰ দ্বিতীয় দিনটোত অল-আৰউণ্ড প্ৰদৰ্শনত মুঠ ৪৯.৫৫ পইণ্টেৰে শীৰ্ষস্থান দখল কৰি চৰ্চা লাভ কৰিছিল অলিম্পিয়ান দীপা কৰ্মকাৰে। মহিলা দলীয় শাখাত ১৮২.৬০ পইণ্টেৰে ৰে’লৱে চেম্পিয়ন হয়।
ভুৱনেশ্বৰৰ কলিংগা ষ্টেডিয়ামৰ জিমনাষ্টিক চেণ্টাৰত দ্বিতীয় দিনা মহিলা শাখাত মহাৰাষ্ট্ৰই ১৬৯.৯৫ পইণ্টেৰে দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে পশ্চিম বংগই ১৬৬.৮০ পইণ্টেৰে তৃতীয় স্থান দখল কৰে। আয়োজক ওডিছাই ১৬৪.৬৫ পইণ্টেৰে চতুৰ্থ স্থান দখল কৰে।
পদক প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় জিমনাষ্টিক ফেডাৰেচনৰ সভাপতি সুধীৰ মিত্তল।
ত্ৰিপুৰাক প্ৰতিনিধিত্ব কৰি দীপাই মুঠ ৪৯.৫৫ নম্বৰ লাভ কৰে। ভল্টত ১৩.৪০, অসমান বাৰত ১০.৬৫, বেলেন্স বিমত ১৩.১০ আৰু ফ্ল’ৰ এক্সাৰচাইজত ১২.৪০ ৰেকৰ্ড কৰে।
অল-আৰউণ্ড শাখাত শীৰ্ষস্থান দখল কৰি প্ৰসন্নতা ব্যক্ত কৰি দিপাই আনুষ্ঠানিক বিবৃতিত কয়, মই আঠ বছৰৰ পিছত চিনিয়ৰ নেচনেলত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছো, মই নিজকে বৰ ভাল অনুভৱ কৰিছো আৰু মোৰ প্ৰদৰ্শনৰ বাবে সঁচাকৈয়ে গৌৰৱান্বিত। মই আগলৈও সুন্দৰ প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিম। লগতে ব্যক্তিগত সঁজুলিৰ ওপৰত প্ৰতিযোগিতা হ’ব।”
তেওঁ আৰু কয়, ‘ইয়াত জিমনাষ্টিক চেণ্টাৰটো দেখাটো সঁচাকৈয়ে বৰ ভাল লাগিল, আৰু মই নিশ্চিত যে ইয়াৰ পৰা অলিম্পিক আৰু এছিয়ান গেমছৰ বহু জিমনাষ্টৰ সৃষ্টি হ’ব । এই কেন্দ্ৰটিৰ নিৰ্মাণ আৰু এথলেটসকলৰ বাবে ক্ৰীড়া সংস্কৃতি সৃষ্টি কৰাৰ বাবে মই ওডিছা চৰকাৰক ধন্যবাদ দিব বিচাৰো।
ৰেলৱেৰ প্ৰণতি দাস (৪৭.০০) আৰু স্বস্তিকা গাংগুলীয়ে (৪৫.৩০) অল আৰউণ্ডত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। প্ৰণতিয়ে ভল্টত ১২.৮০, অসমান বাৰত ১০.৬০, বেলেন্স বিমত ১১.৫০ আৰু ফ্ল’ৰ এক্সাৰচাইজত ১২.১০, আনহাতে তেওঁৰ সতীৰ্থ স্বস্তিকাই ভল্টত ১২.৮০, অসমান বাৰত ৯.১৫, বেলেন্স বিমত ১১.৭০ আৰু ফ্ল’ৰ এক্সাৰচাইজত ১১.৬৫ পইন্ট লাভ কৰে।
ছিনিয়ৰ আৰ্টিষ্টিক জিমনাষ্টিকছ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ অন্তিম দিনা আজি পুৰুষ আৰু মহিলা উভয় শাখাৰ ব্যক্তিগত জিমনাষ্টে কৰ্মত অংশগ্ৰহণ কৰিব।
হিন্দুস্থান সমাচাৰ / সুনীল/মনোজ/অৰবিন্দ
