কোকৰাঝাৰ, ০৪ জানুৱাৰী (হি স)। কোকৰাঝাৰত আৰম্ভ হৈছে দ্বিতীয় মৈহুৰ আন্তৰাষ্ট্ৰীয় থিয়েটাৰ মহোৎসৱ ৷
লৌৰগী থিয়েটাৰ গ্ৰুপৰ উদ্যোগত কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত আৰম্ভ হৈছে দ্বিতীয় মৈহুৰ আন্তৰাষ্ট্ৰীয় থিয়েটাৰ মহোৎসৱ ৷ সন্ধিয়া বন্তি প্ৰজ্বলনেৰে আন্তৰাষ্ট্ৰীয় থিয়েটাৰ মহোৎসৱৰ শুভাৰম্ভ কৰে সংগীত নাটক একাডেমী বঁটা প্ৰাপক তথা উত্তৰ পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক ড° প্ৰসন্ন গগৈয়ে ৷
দেশ বিদেশৰ মুঠ ১০ খন প্ৰখ্যাত নাট্যকাৰ দলে অংশগ্ৰহণ কৰিছে থিয়েটাৰ মহোৎসৱত ৷ ১০ খন নাটকৰ ভিতৰত তিনিখন বিদেশী নাটক আছে ৷ ইয়াৰে এখন ইংলেণ্ডৰ ইংৰাজী ভাষাৰ “লাইফ ইজ এ চাৰ্কাচ’, উৰুগুৱে আৰু কানাডাৰৰ “ওৱানচ এ হোৰ্চ” আৰু বাংলাদেশৰ কক বড়ো ভাষাৰ নাটক “খেলাং বাৰ” নাটকখন মহোৎসৱত মঞ্চস্থ হ’ব ।
উল্লেখ্য যে বুধবাৰে সন্ধিয়া কোকৰাঝাৰৰ লৌৰগী থিয়েটাৰ গ্ৰুপৰ সঞ্জীৱ ব্ৰহ্মৰ দ্বাৰা পৰিচালিত আৰু কেশৱ মুছাহাৰীৰ দ্বাৰা ৰচিত তথা ৰুপজ্যোতি মহন্তৰ কাৰিকৰী নিৰ্দেশত বড়ো ভাষাৰ সামাজিক সচেতনতামুলক নাট “ছাখন্দ্ৰা“ (সোপাধৰা) নামৰ নাটকখন প্ৰৰ্দশনৰে আন্তৰাষ্ট্ৰীয় থিয়েটাৰ মহোৎসৱৰ শুভাৰম্ভ হয় ৷
আন্তৰাষ্ট্ৰীয় থিয়েটাৰ মহোৎসৱত বিটিআৰৰ কাৰ্যবাহী সদস্য উইলছন হাছদা, ৰেওৰেৱা নাৰ্জিহাৰী , বিশিষ্ট বুৰঞ্জীবিদ হৰিচৰণ নাৰ্জিনাৰী, প্ৰতিমা বৰুৱা পাণ্ডে বঁটা প্ৰাপক ৰহেন্দ্ৰ নাথ ব্ৰহ্ম, থিয়েটাৰ মহোৎসৱৰ সঞ্চালক সঞ্জীৱ কুমাৰ ব্ৰহ্ম , লৌৰগী থিয়েটাৰ গ্ৰুপৰ সভাপতি সৌমদন ব্ৰহ্ম উপস্থিত আছিল ৷
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
