
বঙাইগাঁও, ০৪ জানুৱাৰী (হি.স.): বঙাইগাঁও জিলাৰ অভয়াপুৰী চৌটাকীত গোল্ডেন লেংগুৰ ফেষ্টিভেলৰ আয়োজন কৰা হৈছে। ৩ জানুৱাৰীৰ পৰা ৭ জানুৱাৰী লৈকে আয়োজিত গোল্ডেন লেংগুৰ ফেষ্টিভেলৰ সন্ধিয়া প্রথম দিনৰ মুখ্য় আকৰ্ষণ আছিল জুবিন গাৰ্গ। প্ৰথম দিনত সংগীত পৰিৱেশন কৰি অনুষ্ঠান ৰোমাঞ্চকৰ কৰি তোলে হিয়াৰ আমুঠু জুবিনে।
নতুন বছৰৰ শুভেচ্ছা জনোৱাৰ লগতে জুবিনৰ চিনেমা চাবলৈ আহ্বান জনায়। লগতে অনুষ্ঠানৰ শেষত প্ৰত্যেকক সাৱধানে ঘৰলৈ যাবলৈ আহ্বান কৰে। সংগীতানুষ্টানত সংগীত পৰিবেশন কৰি অগণন ভক্তৰ মন মূহিলে যুৱ প্ৰজন্মৰ সাৰ্থ্ৰব জুবিন গাৰ্গে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
