
মৰিগাঁও, ২৭ অক্টোবৰ (হি.স.): মৰিগাঁও জিলাৰ লাহৰীঘাটত যোৱাকালি সন্ধিয়া ভংয়কৰ পথ দূৰ্ঘটনা সংঘটিত হয়।লাহৰীঘাটৰ বৰবৰি আৰু আমতলা একে সময়তে দুটাকৈ ভংয়কৰ পথ দূৰ্ঘটনা সংঘটিত হয়। এই পথ দূৰ্ঘটনা দুটাত চাৰি জনকৈ লোক গুৰুত্বৰ বাবে আহত হয়।
প্ৰাপ্ত তথ্য়মতে, জাগীৰোড পৰা লাহৰিঘাটত অভিমুখে আহি থকাৰ সময়তে বিপৰীত দিশৰ পৰা অহা অচিনাক্ত বাহনে এএছ ২১ কে ৭৮২৭ নম্বৰৰ বাইকত খুন্দিওৱাৰ ফলত বাইক আৰোহী দুজন গুৰুত্বৰ ভাৱে আহত হয়। আহত দুজনক স্হানীয় ৰাইজে লাহৰিঘাট আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসাললৈ প্ৰেৰণ কৰে। আহত দুজনক ক্ৰমে জাগীৰোডৰ আতাবুৰ ৰহমান আৰু দিলদাৰ হুছেইন বুলি জানিব পৰা গৈছে।
ইফালে লাহৰিঘাটৰ আমতলাত পথেৰে গৈ থকা অৱস্থাতে আ: জব্বাৰ নামৰ লোকজনক পিছফালৰ পৰা আহি এএছ ২১ এইচ ১৭৬৭ নম্বৰৰ বাইকৰে খুন্দা মৰাত দুয়োজন গুৰুত্বৰ বাবে আহত হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
