নলবাৰী, ১৬ অক্টোবৰ (হি স)। পূজাৰ পূৰ্বেই নলবাৰীত আজি এক অঘটন সংঘটিত হৈছে। পুৱাই সংঘটিত এই শোকাৱহ ঘটনাই জোকাৰি গৈছে নলবাৰী। নলবাৰীৰ নিজ পকোৱাত ফটকা ফেক্টৰীত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। নলবাৰীৰ পকোৱাৰ হৰিহৰ বৈশ্যৰ ৫০-৫০ আতচবাজী নামৰ ফেক্টৰীত সংঘটিত হয় এই অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত নিহত হল এগৰাকী যুৱক।
অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ফেক্টৰীৰ ভিতৰত কৰ্মৰত আছিল যুৱক জন । পিছত ফেক্টৰীৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু মুখত পৰে শিৱম নামৰ এগৰাকী কৰ্মৰত যুৱকৰ। ৰঙিয়াৰ এই যুৱক গৰাকীয়ে বোমা নিৰ্মাণ কৰি থকা সময়তে অগ্নিকাণ্ড সংঘটিত হয়। ঘটনাস্থলীত উপস্থিত হৈছে নলবাৰী আৰক্ষী। অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত একেলগে কৰ্মৰত আছিল প্ৰাঞ্জল তালুকদাৰ নামৰ আন এজন যুৱক। অৱশ্য়ে খিৰিকিৰে জপিয়াই প্ৰাঞ্জল তালুকদাৰে আত্মৰক্ষা কৰিবলৈ সমৰ্থ হয়।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
