
বাক্সা, ২১ জুলাই (হি.স.): বাক্সা জিলাৰ মুছলপুৰত যোৱাকালি দেওবাৰে বিয়লি এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে ৷ পুত্ৰৰ হাতত প্ৰাণ হেৰুৱালে পিতৃয়ে ৷ বাক্সাৰ মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আমবাৰী উজিৰবাৰী গাঁৱত সংঘটিত হয় এই হত্যাকাণ্ডৰ ঘটনাতো ৷
জানিব পৰা মতে পুত্ৰ পুনিৰাম ৰামচিয়াৰীয়ে নিজ পিতৃ লাৱণ্য ৰামচিয়াৰীক ডিঙিত চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰে ৷ পিতৃ লাৱণ্য ৰামচিয়াৰী দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ বিচনাতে পৰি আছিল ৷ নিজ পিতৃৰ অসুস্থতাৰ বিৰক্তিতে পুত্ৰই হত্যাকাণ্ডতো সংঘটিত কৰে ৷ ঘটনাস্থলীত মুছলপুৰ আৰক্ষী উপস্থিত হৈ ঘাটক পুনিৰাম ৰামচিয়াৰীক আটক কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
