ওদালগুৰি, ২৪ জুন (হি.স.): বিটিচিৰ ৩৯ নং পাচঁনৈ চেৰফাং পৰিষদীয সমষ্টিত এইবাৰ টিকটৰ প্ৰবল দাবীদাৰ মাজবাটৰ অন্যতম সক্ৰিয় বিজেপি যুৱ নেতা তথা দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ প্ৰাক্তন নমেনি কিশোৰ শৰ্মা। পাঁচনৈ পৰিষদিয় সমষ্টিত এইবাৰ নতুন মুখৰ প্ৰাৰ্থীথত্ব দিব লাগে বুলি সচেতন মহলৰ মাজত চৰ্চা চলি থকাৰ সময়তে যুৱ নেতা কিশোৰ শৰ্মাই গাঁৱে গাঁৱে ঘূৰি ৰাইজৰ সেৱা কৰি থকা পৰিলক্ষিত হৈছে ।
দীৰ্ঘ দিনৰে পৰা বিজেপি দলত থাকি কিশোৰ শৰ্মাই দলৰ মণ্ডল যুৱ মৰ্চাৰ মণ্ডল সভাপতি, জিলা বিজেপি সংবাদ কোষ আহ্বায়ক, জিলা বিজেপি সামাজিক মাধ্যম জিলা আহ্বায়কৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি সমষ্টিত উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । মাজবাটত বিজেপি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত আপোচ বিহীন ভাবে বিজেপি দলৰ সেৱা কৰাই বিজেপিৰ সাংগঠনিক ভেটি মজবুত কৰাত গুৰুত্বপূৰ্ণ নেতৃত্ব বহন কৰিছিল । এনেদৰে হঠাতে জনপ্ৰিয় বিজেপিৰ যুৱ নেতা কিশোৰ শৰ্মাই সমষ্টিটোৰ পৰা বিজেপিৰ দলীয় টিকট বিচৰাৰ পাছতেই ৩৯ নং পাচঁনৈ চেৰফাং পৰিষদীয সমষ্টিটোত একপ্ৰকাৰ ৰাজনৈতিক অংক উলট পালট হোৱাৰ স্পষ্ট ইংগিত বহন কৰিছে। লগতে যুৱনেতা গৰাকীৰ ভূমিকাত ৩৯নং পাচঁনৈ চেৰফাং পৰিসদীয় সমষ্টিৰ বিজেপিৰ ভিতৰ চৰাত তীব্র জোকাৰণিৰ সৃষ্টি হোৱা বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
