
ধুবুৰী, ১৬ ডিছেম্বৰ (হি.স.): ধুবুৰী জিলাৰ চাপৰৰ শালকোছাত যোৱাকালি শুকুৰবাৰে সন্ধিয়া গুলিচালনাৰ ঘটনা ঘটে। শালকোছাৰ নেওঁগী পাৰাত এই গুলি চালনাৰ ঘটনা সংঘটিত হয়। প্ৰভাতি সূত্ৰধৰ নামৰ ৫০ উৰ্দ্ধৰ মহিলাৰ গাত গুলি লাগে। ইফালে কোনে গুলি চালনা কৰিলে এতিয়ালৈকে জানিব পৰা হোৱা নাই।
চাপৰ শালকোছাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। এখন সৰু চাহৰ দোকানত সংঘটিত হৈছে এই ঘটনা। অন্য স্থানৰ পৰা গুলি আহি দোকানৰ টিন ফুটি মহিলাজনীৰ ভৰিত লাগে গুলি। সম্প্ৰতি মহিলাজনী সুস্থ আছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
