নতুন দিল্লী, ২৪ জুন (হি.স.)। দেশত জাপি দিয়া জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰীয়া জয়ন্তী উপলক্ষে ‘হিন্দুস্থান সমাচাৰ’ বহুভাষিক সংবাদ সংস্থাই দিল্লীৰ ড° আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত এক অনুষ্ঠানৰ আয়োজন কৰিবলৈ ওলাইছে। ইয়াত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰকাৰ্যবাহ দত্তত্ৰেয় হোছবালে আৰু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে।
‘সংবিধান হত্যা দিৱস’ বিষয়ত আয়োজিত এই কাৰ্যসূচীত জৰুৰীকালীন অন্ধকাৰ অধ্যায়ৰ স্মৃতি, শিক্ষা আৰু বাৰ্তাৰ ওপৰত আলোকপাত কৰি আলোচনা বিলোচনা কৰা হ’ব। ইয়াত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰ (আইজিএনচিএ)ৰ সভাপতি তথা হিন্দুস্থান সমাচাৰৰ গ্ৰুপৰ সম্পাদক পদ্ম ভূষণ ৰাম বাহাদুৰ ৰায়, ৰাষ্ট্ৰীয় স্বাভিমান আন্দোলনৰ প্ৰতিষ্ঠাপক সভাপতি কে এন গোবিন্দাচাৰ্যৰ দৰে বিশিষ্ট চিন্তাবিদ আৰু জৰুৰীকালীন সাক্ষীসকলে নিজৰ অভিজ্ঞতা ভাগ-বতৰা কৰিব।
এই কাৰ্যসূচীত ইন্দিৰা গান্ধী নেচনেল চেণ্টাৰ ফৰ আৰ্টছৰ তত্বাৱধানত জৰুৰীকালীন আধাৰত এখন প্ৰদৰ্শনী আৰু চুটি ছবি প্ৰদৰ্শন কৰা হ’ব। ইয়াৰ দ্বাৰা যুৱক-যুৱতীসকলে সেই সময়ৰ ৰাজনৈতিক আৰু সামাজিক বাস্তৱতাৰ মুখামুখি হোৱাৰ সুযোগ লাভ কৰিব। ইয়াৰ সমান্তৰালকৈ হিন্দুস্থান সমাচাৰৰ পষেকীয়া আলোচনী ‘যুগবার্তা’ আৰু মাহেকীয়া আলোচনী ‘নৱোত্থান’ৰ জৰুৰীকালীন আধাৰিত বিশেষ সংখ্যাও প্রকাশ কৰা হ’ব ৷
হিন্দুস্থান সমাচাৰৰ মুখ্য সমন্বয়ক ৰাজেশ তিৱাৰীয়ে কয় যে এই কাৰ্যসূচীত বাবা চাহেব ভীমৰাও আম্বেদকাৰে দিয়া সংবিধানৰ গুৰুত্বৰ ওপৰত চৰ্চা কৰা হ’ব। ইয়াৰ লগতে জৰুৰীকালীন সময়ত সংবিধানক একাষৰীয়া কৰি ৰখাৰ ঘটনা আৰু তাৰ পিছত সংবিধান পুনৰুদ্ধাৰ সন্দৰ্ভতো মতামত দাঙি ধৰা হ’ব। বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাবিদ, গৱেষক, বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্রী আৰু বুদ্ধিজীৱীসকলৰ বৃহৎ সংখ্যকে এই কার্যসূচীত অংশগ্রহণ কৰিব ৷
এই কাৰ্যসূচীৰ সভাপতিত্ব কৰিব হিন্দুস্থান সমাচাৰৰ অধ্যক্ষ অৰবিন্দ ভালচন্দ্ৰ মাৰ্ডিকাৰে। আদৰণি জনাব আইজিএনচিএৰ সদস্য সচিব ডাঃ সচ্চিদানন্দ যোশীয়ে। আনহাতে ধন্যবাদ জ্ঞাপন কৰিব ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰৰ পৰিচালক আকাশ পাটিলে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
