
তিনচুকীয়া, ০৮ ডিছেম্বৰ (হি.স.): অহা ৯ আৰু ১০ ডিছেম্বৰ তাৰিখে মাৰ্ঘেৰিটা মহাবিদ্যালয় খেল পথাৰ প্ৰাংগণত পোন প্ৰথম বাবে আয়োজন কৰা হৈছে মহাৰাস ২০২৩ । এই ৰাস উৎসৱক লৈ অঞ্চলবাসী ৰাইজৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে।
এই উপলক্ষে বৃহস্পতিবাৰে এখন সংবাদ মেল আয়োজন কৰে আৰু ইয়াত উদযাপন সমিতিৰ সম্পাদক সত্যৰঞ্জন বৰকাকতি, মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰৱক্তা ড° ৰমেন হাজৰিকাৰ উপৰি বহু কেইজন গণ্যমাণ্য ব্যক্তি উপস্থিত থাকে। মাৰ্ঘেৰিটাত অনুষ্ঠিত হোৱা প্ৰথম বাৰ্ষিক মহাৰাস উৎসৱ ২০২৩ সুচাৰু ৰূপে পৰিচালনা কৰে কৰিবৰ বাবে সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাক সভাপতি, দিচেন টিপমীয়াক কাৰ্যকৰী সভাপতি, সত্যৰঞ্জন বৰকাকতি আৰু ৰঞ্জিত বৰপূজাৰীক মূখ্য সম্পাদক ৰূপে এখন উদযাপন সমিতি গঠন কৰা হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
