গুৱাহাটী,১৭ অক্টোবৰ (হি.স.)। অতি ততপৰতাৰে আৰু সফল অভিযানত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চ(এছটিএফ)য়ে গুৱাহাটী মহানগৰীৰ ছয়মাইলৰ ৰহমান চিকিতসালয়ৰ সন্মুখৰ পৰা ড্ৰাগছ সহ তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিব সক্ষম হয়।
এছটিএফৰ উপ-মহাপৰিদৰ্শক আই পি এছ পাৰ্থ সাৰথি মহন্তৰ সক্ষম তত্বাৱধানত আৰু এছটিএফৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত এই অভিযান চলোৱা হয়।
চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত এছটিএফৰ দলটোৱে অভিযান চলাই, ড্ৰাগছ সৰবৰাহ কেইজনক ড্ৰাগছ সহ কৰায়ত্ব কৰিব সক্ষম হয়। অভিযানৰ সময়ত তিনিজন ড্ৰাগছ বেপাৰীক আটক কৰাৰ লগতে যথেষ্ট পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰা হয়।
ধৃত সৰবৰাহ কেইজন হৈছে মণিপুৰৰ পৰা অহা হবিবুৰ ৰহমান (৪৯ বছৰীয়া), মানকাচৰৰ আলিমুদ্দিন (৪৬ বছৰীয়া) আৰু নগাঁৱৰ ইদ্ৰীশ আলী(৩৮ বছৰ)। ছয়মাইলৰ ৰহমান হস্পিতালৰ সন্মুখত অৱস্থিত মণিপুৰী ৰাইচ হোটেলৰ পৰা আটাই কেইজনক গ্ৰেপ্তাৰ কৰা হয়। অভিযানৰ সময়ত যথেষ্ট পৰিমাণৰ অবৈধ ড্ৰাগছ জব্দ কৰা হয়। এছটিএফৰ দলটোৱে আটক কৰা ব্যক্তি সকলৰ হাতত থকা প্ৰায় ৬০ হাজাৰ য়াবা টেবলেট সফলতাৰে উদ্ধাৰ কৰে।
অভিযানত বিশেষ টাস্ক ফ’ৰ্চে আনুষ্ঠানিক গোচৰ ৰজু কৰিছে আৰু গ্ৰেপ্তাৰ কৰা ব্যক্তি সকলৰ বিৰুদ্ধে সকলো প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সফল অভিযানে অঞ্চলটোৰ ড্ৰাগছ সৰবৰাহৰ কাৰ্য্যকলাপত যথেষ্ট আঘাত হানিছে আৰু সমাজৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ ক্ষেত্ৰত এছটিএফৰ নিষ্ঠা আৰু দক্ষতা প্ৰদৰ্শন কৰিছে।
বৰ্তমান ড্ৰাগছৰ নেটৱৰ্কৰ সম্পূৰ্ণ পৰিসৰ আৰু হ’ব পৰা যিকোনো সম্ভাৱ্য সংযোগ উন্মোচনৰ বাবে অধিক তদন্ত অব্যাহত আছে।
হিন্দুস্থান সমাচাৰ /ৰমেন/আলোক.
