দক্ষিণ শালমাৰা মানকাচৰ, ১৬ জুলাই (হি.স.): দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত মানকাচৰ বিদ্যুৎ বিভাগৰ উপসংমণ্ডল কাৰ্যালয়ত বিষয়া কৰ্মচাৰীয়ে গ্ৰাহকক হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি নতুন সংযোগৰ বাবে আক্কাছ আলি নামৰ লোকজনে বাৰংবাৰ ঘুৰা ঘূৰি কৰাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিলে উক্ত বিভাগৰ বিষয়া কৰ্মচাৰী সকলে।
নতুনকৈ সংযোগৰ বাবে আক্কাছ আলিয়ে উক্ত কাৰ্যালয়ত গৈ কোনো ধৰণৰ সহায় সহযোগিতা নোপোৱাত ক্ষুব্ধ হয় আৰু বিষয়া কৰ্মচাৰী সকলৰ ব্যৱহাৰত অসন্তুষ্ট হৈ পৰে। এই সন্দৰ্ভত ভুক্তভোগীয়ে সংবাদ মাধ্যমৰ যোগেদি দক্ষিণ শালমাৰা মানকাচৰ জিলা আয়ুক্তক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
