ধেমাজি, ১৭ অক্টোবৰ(হি.স.)। বিগত ৭ অক্টোবৰৰ পৰা ১৯ অক্টোবৰলৈকে লাডাখৰ গুলমাৰ্গত ভাৰতীয় সেনাৰ এক বিশেষ প্ৰশিক্ষণ শিবিৰ অব্যাহত আছিল। প্ৰশিক্ষকৰ দায়িত্বত আছিল অসমৰ ধেমাজি জিলাৰ গোগামুখৰ গৌতম ৰাজবংশী নামৰ(৩১) বছৰীয়া জোৱান। ২০১১ চনতে সেনা বাহিনীত যোগদান কৰি প্ৰশিক্ষক হিচাপে পদোন্নতি লাভ কৰিছিল।
প্ৰশিক্ষণ প্ৰদান কৰি থকা অৱস্থাতে বৰফৰ হঠাত অহা হিমস্খলনৰ ফলত ওখ বৰফেৰে আবৃত্ত পৰ্বতৰ পৰা খহি আহে গোগামুখৰ গৌতম ৰাজবংশীৰ লগতে আন তিনিজন সেনা জোৱান নিৰুদ্দেশ হয়। তাৰে এজন জোৱানৰ মৃতদেহ উদ্ধাৰ কৰিছে যদিও গোগামুখৰ গৌতম ৰাজবংশীৰ লগতে আন দুজন জোৱান বৰ্তমানেও নিৰুদ্দেশ হৈ থকা বুলি সেনাৰ উচ্চপদস্থ বিষয়াই জানিব দিছে পৰিয়াল বৰ্গক।
উল্লেখ্য যে লাডাখত বৰফ অধিক বৃদ্ধি পোৱাৰ বাবে বৰ্তমান সন্ধানহীন তিনিজনৰে মৃতদেহ উদ্ধাৰ কৰাটোও অসম্ভৱ বুলি জানিবলৈ দিয়ে শীৰ্ষ সেনা বিষয়াই। আগন্তক বৰ্ষৰ এপ্ৰিল মাহত বৰফ গলাৰ পিছতহে মৃতদেহৰ উদ্ধাৰ অভিযান চলাই ঘৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হব বুলিও জানিবলৈ দিছে সেনাৰ উচ্চ পদস্থ বিষয়াই। ঘটনাৰ খবৰ পোৱাৰ পিছতো যেন মানি লব পৰা নাই পৰিয়ালবৰ্গই । মৃত্যুৰ সময়ত পত্নী,মাতৃ সহ এজন কণমানি পুত্ৰ এৰি থৈ যায় গৌতম ৰাজবংশীয়ে।
ইফালে স্বামীৰ কোনো ধৰনৰ খবৰ নাপাই শোকত ভাগি পৰা পত্নী চুনু ৰাজবংশীয়ে অসমৰ মুখ্যমন্ত্ৰী গৰাকীক ভাৰতীয় সামৰিক বাহিনীৰ যোগাযোগ কৰি সন্ধান উলিয়াবলৈ কাতৰ আহ্বান জনাইছে। পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়াই খবৰ লবলৈ আহে। বৰ্তমান পৰিয়ালটোৰ মাজত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।
হিন্দুস্থান সমাচাৰ /প্ৰকাশ/ৰমেন/আলোক.
