পশ্চিম কাৰ্বি আংলং, ৩০ জুন (হি.স.)। বিথুং ৰেংথামা পৰিষদীয় সমষ্টিৰ ডংকামোকামত কৃৰ্তি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা ৷ পশ্চিম কাৰ্বি আংলং জিলাৰ ৬নং বিথুং ৰেংথামা পৰিষদীয় সমষ্টি ডংকামোকামত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত কৃৰ্তি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাৱা হয়।
অনুষ্ঠানত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উক্তীৰ্ণ হোৱা বিথুং ৰেংথামা পৰিষদীয় সমষ্টিৰ ৬৬০গৰাৰী ছাত্ৰ-ছাত্ৰীক একোখনকৈ পʼহʼ(কাৰ্বি গামোচা), ইংৰাজী অভিধান আৰু মানপত্ৰ প্ৰদানেৰে সম্ভৰ্ধনা জ্ঞাপন কৰে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। সভাত উপস্থিত থাকে কাৰ্বি পৰিষদৰ বৰ্ডৰ অধক্ষ্য ক্ৰমে মহন টিচ্চ ; লংচিং টক্বি ; দিত্যলাল হাচনু; পৰিষদৰ প্ৰাক্তন মনোনীত এমএচি চন্দ্ৰ বাহাদুৰ চেত্ৰীৰ লগতে বিথুং মন্ডল বিজেপি সভাপতি টাৰজেন লাংথাছাৰ আৰু যূৱ মৰ্চা দলীয় সদস্য সকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
