মুম্বাই, ০১ জুলাই (হি.স.)। ভাৰতীয় যুৱ বেটছমেন যশস্বী জয়ছোৱালক আগন্তুক ২০২৫-২৬ ঘৰুৱা ছিজনত মুম্বাইৰ হৈ খেলা দেখা যাব। মুম্বাই ক্ৰিকেট সন্থাই গোৱালৈ যাবলৈ দিয়া আপত্তিহীন প্ৰমাণ পত্ৰ প্ৰত্যাহাৰ কৰিবলৈ তেওঁৰ অনুৰোধ মানি লৈছে।
এমচিএৰ সভাপতি অজিংক্য নাইকে এক প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে, যাশাস্বী সদায় মুম্বাই ক্ৰিকেটৰ গৌৰৱময় উৎপাদন। আমি তেওঁৰ এন অ’ চি প্ৰত্যাহাৰৰ আবেদন গ্ৰহণ কৰিছো আৰু আগন্তুক ঘৰুৱা ছিজনত তেওঁ মুম্বাইৰ বাবে উপলব্ধ হ’ব।
চলিত বৰ্ষৰ এপ্ৰিল মাহত জয়ছোৱালে গোৱাৰ হৈ খেলাৰ উদ্দেশ্যেৰে এন অ’ চি বিচাৰিছিল, যিটোক এম চি এয়ে “চকিত কৰা পদক্ষেপ” বুলি অভিহিত কৰিছিল। অৱশ্যে এমাহৰ পাছত তেওঁ পুনৰ এমচিএলৈ চিঠি লিখি কয় যে তেওঁ পৰিয়ালৰ সৈতে গোৱালৈ স্থানান্তৰিত হোৱাৰ কথা ভাবিছিল, কিন্তু এতিয়া তেওঁ সেই পৰিকল্পনা সলনি কৰিছে আৰু তেওঁ কেৱল মুম্বাইৰ হৈ খেলিব বিচাৰে।
২৩ বছৰীয়া জয়ছোৱালে ১৯ বছৰ অনুৰ্ধ পৰ্যায়ৰ পৰাই মুম্বাইক প্ৰতিনিধিত্ব কৰি আহিছে। ২০১৯ চনত মুম্বাইৰ হৈ প্ৰথম শ্ৰেণীৰ অভিষেক ঘটা তেওঁ এতিয়ালৈকে ১০খন প্ৰথম শ্ৰেণীৰ মেচত গড়ে ৫৩.৯৩ ৰান কৰি ৮৬৩ ৰান সংগ্ৰহ কৰিছে। ইয়াৰ ভিতৰত আছে উত্তৰ প্ৰদেশৰ বিৰুদ্ধে তেওঁৰ চাৰিটা শতক, দুটা অৰ্ধশতক আৰু ১৮১ ৰানৰ শ্ৰেষ্ঠ ইনিংছ।
সদ্য সমাপ্ত ঘৰুৱা ছিজনত তেওঁ জম্মু-কাশ্মীৰৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফী খেলত মুম্বাইৰ হৈ অংশ লৈছিল যদিও সেই মেচত দলটোৱে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। বিদৰ্ভৰ বিৰুদ্ধে ছেমি ফাইনেলত খেলাৰ কথা আছিল যদিও অনুশীলনৰ সময়ত গোৰোহাত আঘাত পোৱাৰ বাবে খেলিব নোৱাৰিলে।
বৰ্তমান ইংলেণ্ডত থকা ভাৰতীয় টেষ্ট দলৰ সৈতে আছে জয়ছোৱাল। লিডছত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন মেচত তেওঁ শতক অৰ্জন কৰিছিল যদিও সেই মেচখনত ভাৰত ৫ উইকেটত পৰাস্ত হৈছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
