বাক্সা, ০১ ডিছেম্বৰ (হি স)। বাক্সা জিলাৰ বৰমা বিধান সভা সমষ্টীৰ অন্তৰ্গত বাগানপাৰা ড্ৰাগন খেল পথাৰত আজিৰে পৰা আৰম্ভ হয় ২য় পৰ্যায়ৰ খেল মহাৰণ। চৰকাৰে ৰাজ্যখনৰ ভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা খেলুৱৈ সকলক আগুৱাই নিয়াৰ উদ্দেশ্যে প্ৰথম পৰ্যায়ত বিচিডিচি পৰ্যায়ত অনুষ্ঠিত কৰাৰ পিছত আজিৰে পৰা বৰমা বিধান সভা সমষ্টীৰ ২য় পৰ্যায়ৰ খেল সমুহ বাগানপাৰা ড্ৰেগন খেল পথাৰত অনুষ্ঠিত হয়।
দুপৰীয়া বিটিআৰ পৰিষদৰ অধ্যক্ষ কাতিৰাম বডোয়ে প্ৰ্থমে পতাকা উত্তোলন কৰাৰ পিছতে বগা পাৰ চৰাই উৰুৱাই খেলৰ শুভৰম্ভ কৰে । অজিৰে পৰা ১০ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব। ফুটবল, কাবাদি, ভলীবল আদি কেবাটাও খেল অনুষ্ঠিত হ’ব । ইয়াৰ পিছতে বিজয়ী সকলক জিলা পৰ্যায়ত খেল খেলিবলৈ দিয়া হ’ব।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
