ডুবাই, ০২ ডিছেম্বৰ (হি.স.)। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডুবাইত ৰাষ্ট্ৰসংঘৰ তত্বাৱধানত আয়োজিত পৰিবেশ সুৰক্ষা সম্পৰ্কীয় দলসমূহৰ সন্মিলন (কনফাৰেন্স অফ দি পাৰ্টিজ) চমুকৈ ক’প-২৮ত অংশগ্ৰহণ কৰি শুকুৰবাৰে নিশা স্বদেশলৈ উভতি আহে। প্ৰধানমন্ত্ৰী মোদীয়ে ডুবাই ভ্ৰমণৰ সময়ত বিভিন্ন দেশৰ ৰাষ্ট্ৰ প্ৰধানসকলক সাক্ষাৎ কৰে। তেওঁ এই সন্মিলনৰ সফল আয়োজনৰ বাবে সংযুক্ত আৰব আমিৰশ্বাহীক অভিনন্দন জনায়। সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী মোদীয়ে ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানকো সাক্ষাৎ কৰে। অহা মাহত ভাৰতত অনুষ্ঠিত হ’বলগীয়া ভাইব্ৰেণ্ট গুজৰাট সন্মিলনলৈ তেওঁক আমন্ত্ৰণ জনায়।
এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীকো সাক্ষাৎ কৰে। মেল’নিয়ে তেওঁৰ লগত এখন চেলফি তুলি ছ’চিয়েল মিডিয়াত পোষ্ট কৰি ক’য় যে আমি ভাল বন্ধু। মেলনীৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাক, ব্ৰাজিলৰ প্ৰধানমন্ত্ৰী লুইজ ইনাচিও লুলা দা চিলভা, ব্ৰিটিছ বৈদেশিক মন্ত্ৰী ডেভিদ কেমেৰন, ব্ৰিটিছৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী টনি ব্লেয়াৰকো সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলনৰ চাৰিটা অধিবেশনত ভাষণ দিয়ে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ’ গুটেৰেছৰ সৈতেও বৈঠকত মিলিত হয়। প্ৰধানমন্ত্ৰীয়ে জলবায়ুৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ভাৰতৰ পদক্ষেপ আৰু অগ্ৰগতিৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে জি-২০ৰ সভাপতিত্বৰ সময়ত ভাৰতক সহায় কৰা গুটেৰেছক ধন্যবাদ জ্ঞাপন কৰে। পৰিৱেশ সন্দৰ্ভত ভাৰতৰ প্ৰচেষ্টাক প্ৰশংসা কৰে গুটেৰেছে। গুটেৰেছে প্ৰধানমন্ত্ৰীৰ সেউজ ঋণৰ পদক্ষেপ (গ্ৰীণ ক্ৰেডিট)কো আদৰণি জনায়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক প্ৰজন্মৰ উন্নত ভৱিষ্যত সুৰক্ষিত কৰিবলৈ গ্ৰীণ ক্ৰেডিট ইনিচিয়েটিভত যোগদান কৰিবলৈ বিশ্বৰ নেতাসকলক আহ্বান জনায়। তেওঁ কয় যে কাৰ্বন ক্ৰেডিটৰ ধাৰণাটো বাণিজ্যিক লাভৰ দ্বাৰা প্ৰভাৱিত। ইয়াত সামাজিক দায়িত্ববোধৰ অভাৱ।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
