গুৱাহাটী, ০১ জানুৱাৰী (হি.স.)। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কেন্দ্রীয় মন্ত্রী জ্যোতিৰাদিত্য এম সিন্ধিয়াক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে ৷
নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত দিয়া বাৰ্তাত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে উত্তৰ-পূব অঞ্চলৰ সংযোগ শক্তিশালী আৰু সামগ্ৰিক উন্নয়ন ত্বৰান্বিত কৰাত সিন্ধিয়াই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। তেওঁৰ এই প্ৰচেষ্টাই আন্তঃগাঁথনি উন্নয়ন আৰু অঞ্চলটোৰ সামগ্ৰিক উত্থানৰ দিশত আগবাঢ়িছে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে দেৱী কামাখ্যা আৰু মহান ঋষি শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত প্ৰাৰ্থনা কৰি একে নিষ্ঠাৰে ভাৰত মাতৃৰ সেৱা অব্যাহত ৰাখিবলৈ আহ্বান জনায়।
हिन्दुस्थान समाचार / অৰৱিন্দ
