ধুবুৰী, ২০ অক্টোবৰ (হি.স.): প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মাহেকীয়া তিথিতি শ্ৰদ্ধাঞ্জলি জনাবলৈ ধুবুৰী জিলাৰ চাপৰত হাতত লোৱা হয় আন এক ব্যতিক্ৰমী পদক্ষেপ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজৰ পৰা আঁতৰি যোৱাৰ এমাহ হ’ল। প্ৰকৃতি আৰু চৰাই চিৰিকটিক ভালপোৱা জুবিন গাৰ্গৰ স্মৃতিত তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ লুইতকণ্ঠ জুবিন গাৰ্গ ফাউণ্ডেশ্বনে চাপৰৰ কেবাটাও ঠাইত থকা গছত আঁৰিলে চৰাই চিৰিকটি বাহ ল’ব পৰা মাটিৰ সজা।
জুবিন গাৰ্গৰ নীতি আৰু আদৰ্শৰ লগত সংগতি ৰাখি চৰাইৰ বাহ গছত আঁৰি দিয়াৰ ব্যৱস্থা কৰে ফাউণ্ডশ্বনটোৱে। এই পদক্ষেপ ফলপ্ৰসূ হলে চাপৰত এনেধৰণৰ শতাধিক বাহ আঁৰি দিয়াৰ পৰিকল্পনা কৰিছে ফাউণ্ডশ্বনটোৱে।
উল্লেখ্য় যে অসমী আইৰ বুকু শুদা কৰি অসম মাতৃৰ প্ৰিয়তম সন্তান জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্য়জনক মৃত্য়ু হয়। অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী গৰাকীৰ শোকত ভাগি পৰা অসমবাসীয়ে ঘৰে ঘৰে, চুবুৰীয়ে চুবুৰীয়ে পাতিছে প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিচাৰণ সভা। অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, শোক সমদল ইত্যাদি। লগতে জুবিনৰ স্মৃতি যুগমীয়া কৰিবলৈ গ্ৰহণ কৰিছে বিভিন্ন ধৰণৰ ব্যতিক্ৰমী পদক্ষেপ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
