
কাৰ্বি আংলঙ, ১৩ ছেপ্টেম্বৰ (হি.স.)। গ্ৰাম্য অৰ্থনৈতিক উন্নয়নৰ লক্ষ্যৰে পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙত আদা-হালধি প্ৰক্ৰিয়াকৰণ কেন্দ্ৰৰ শুভ উদ্বোধন কৰা হয়। কেন্দ্ৰটোৰ শুভ উদ্বোধন কৰে বিদ্ৰোহী সংগঠনৰ প্ৰাক্তন নেতা তথা খিলঞ্জীয়া কৃষি কৃষক উৎপাদক কোম্পানী (Idigenous Agricultural Farmer Producer Company) ৰ অধ্যক্ষ অনুপ চেতিয়াই।
উল্লেখযোগ্য যে অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য পৰিৱৰ্তন প্ৰকল্পৰ অধীনত কাৰ্বি আংলঙৰ থলুৱা উৎপাদিত আদা আৰু হালধি প্ৰক্ৰিয়াকৰণ তথা ব্যৱসায়ভিত্তিক কৰি তোলাৰ লগতে কৃষকক থলুৱা উৎপাদিত কৃষিজাত সামগ্ৰীৰ উচিত মূল্য প্ৰদান কৰি স্বাৱলম্বী আৰু কৃষিকাৰ্য্যৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যেৰে স্থাপন কৰা হৈছে এই কেন্দ্ৰটো।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
