
ধুবুৰী, ৩০ অক্টোবৰ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষীয়ে দেওবাৰে নিশা গৌৰীপুৰ বাঘমাৰা নদীৰ পাৰত অশ্লীল নৃত্য আৰু জুৱা আয়োজনৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰে। লগতে আৰক্ষীয়ে ইয়াৰ বাবে সজা পেণ্ডেল ভাঙি দিয়ে।
উল্লেখ্য় যে চৰৰ মাজত ধামাকা নৃত্যৰ গয়না লৈ জুৱাৰ আড্ডা চলাই থকা একাংশৰ বিৰুদ্ধে তৎপৰ হৈ পৰে গৌৰীপুৰ আৰক্ষী। গৌৰীপুৰ বাঘমাৰা নদীৰ পাৰত আৰম্ভ কৰিছিল অশ্লীল নৃত্য আৰু জুৱাৰ আদ্দা। পিছে আৰক্ষী প্ৰশাসন যোৱাৰ পিছতে সকলোৱে ফৰিং চিটিকা দি পলাই যায়। আনহাতে আৰক্ষীয়ে অশ্লীল নৃত্য আৰু জুৱা আয়োজনৰ পেণ্ডেল ভাঙি চুৰমাৰ কৰি দিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
