মৰিগাঁও, ১০ আগষ্ট (হি.স.)। এটা খৰ্গ যুক্ত গঁড়ৰ বিচৰণ ভূমি পবিতৰা অভয়াৰণ্য জৈৱ বৈচিত্ৰ আৰু মায়ং অঞ্চলৰ কৃষি ভূমিৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে পাৰ্থেনিয়াম অৰ্থাৎ কংগ্ৰেছ ঘাহঁ নামৰ এবিধ অপতৃণ বিষাক্ত বনে। পাৰ্থেনিয়াম বা কংগ্ৰেছ ঘাহঁ এনে এবিধ বিষাক্ত বন যি বিধ বন মানৱ শৰীৰৰ বাবেও অতি বিপদজনক আৰু ভয়ংকৰ।বন্যপ্ৰাণীৰ শৰীৰত বা মানৱ দেহত লাগিলে এলাৰ্জি দৰে খজুৱাই বুলি কৃষি বিজ্ঞানী সকল ইতিমধ্যে নিশ্চিত হৈছে। বন্যপ্ৰাণীৰ পেটত সোমালে পাকস্থলীৰ ক্ষতি কৰি দিব পাৰে। কোনো এবিধ কীট পতংগ বা বন্য জন্তুৱে বন বিধৰ বিষাক্ত গুণৰ বাবে ভক্ষন নকৰে। সেই বিধ বন এতিয়া পবিতৰাৰ ভিতৰত।
অষ্ট্ৰেলিয়া আৰু মেক্সিকোৰ দৰে দেশত প্ৰথম প্ৰথম আৰ্বিভাৱ হৈছিল পাৰ্থেনিয়াম নামৰ বিষাক্ত প্ৰজাতিৰ এই বন বিধ। পিছে বৰ্তমান পবিতৰা অভয়াৰণ্যৰ ভিতৰ ভাগত বৃদ্ধি পোৱাৰ ফলত শংকিত হৈ পৰিছে অভয়াৰণ্য কৰ্তৃপক্ষ। পবিতৰাৰ বনাঞ্চলিক বিষয়া প্ৰাঞ্জল বৰুৱাৰ পৰা জানিব পৰা মতে এই বন বিধ পবিতৰাৰ কেবাটাও অঞ্চলত বিয়পি পৰিছে। য’ত থলুৱা প্ৰজাতিৰ ঘাহঁৰ ঘনত্ব কম সেই ঠাইত পাৰ্থেনিয়ামে ব্যাপক হাৰত আগুৰি লৈছে। যাৰ ফলত অভয়াৰণ্য কৰ্তৃপক্ষই এই বন বিধ পৰিস্কাৰ কৰাৰ বাবে এক বিশেষ পদক্ষেপ হাতত লৈছে। আজি পবিতৰাৰ হাতী কেম্পৰ নিকটবৰ্তী এলেকাৰ পৰা চাৰি ট্ৰেক্টৰ পাৰ্থেনিয়াম উভালি নিৰ্মূলকৰণ কৰিবলৈ সক্ষম হৈছে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
