
তামুলপুৰ, ১০ অক্টোবৰ (হি.স.)। কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল (কে এছ ডি চি) ৰ আহ্বানত আৰু তামুলপুৰ ব্লক সমিতিৰ সহযোগত
কমতাপুৰ ৰাজ্য গঠন কৰা কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতি কৰণৰ দাবীত তামুলপুৰত গণবিক্ষোভ ৷
তামুলপুৰৰ মটঙাপাৰত কমতাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল (কে এছ ডি চি) ৰ গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰী সকলে আমাক জনজাতি কৰণ কৰক, এছ টি আমাক লাগিবই, কমতাপুৰ ৰাজ্য পুণৰ গঠন কৰক, কে এল অ জিন্দাবাদ, কমতাপুৰ (ৰাজবংশী) ভাষাৰ সাংবিধানিক স্বীকৃতি দলীয় আদি শ্লোগানৰে তামুলপুৰ আকাশ বতাহ কপাই তোলে।
প্ৰতিবাস্থলীৰ পৰাই কে এল অ আৰু কে এল অ (কে এন) ৰ লগত দ্ৰুত শান্তি চুক্তিৰ মাধ্যমত —কমতাপুৰ — গ্ৰেটাৰ কোচবিহাৰ ৰাজ্য পুনৰ গঠন, কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰন, কমতাপুৰ ( ৰাজবংশী) ভাষাৰ সাংবিধানিক স্বীকৃতি দিয়া কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতি কৰণ কৰিবলৈ চৰকাৰক আহ্বান জনায় ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
