বৰপেটা, ০৬ ছেপ্টেম্বৰ (হি.স.)। সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীলৈ মাজত মাত্ৰ এটা দিন ৷ সুধাকন্ঠৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ বাবে বৰপেটাত ব্যতিক্ৰমী আৰু এক অভিনৱ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । বৰপেটাত ড০ ভূপেন হাজৰিকাৰ জন্মশতবার্ষিকী উপলক্ষে ‘ৰংঘৰ বৰপেটা’ৰ উদ্যোগত আয়োজন কৰা হৈছে ‘এনিশা ভূপেনদাৰ গানেৰে’ শীৰ্ষক গীত আৰু নৃত্যৰ অনুষ্ঠান ।
বৰপেটাৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান ৰংঘৰ বৰপেটাৰ উদ্যোগত আৰু বৰপেটাৰ সংগীত প্ৰেমী ৰাইজৰ সহযোগত অহা ৭ ছেপ্টেম্বৰৰ মাজ নিশা পাঁচ আলি চ’কত এনিশা ভূপেনদাৰ গান শীৰ্ষক অভিনব অনুষ্ঠানৰ আয়োজনত ব্যস্ত হৈ পৰিছে ৰংঘৰ শিল্পী সকল ৷ এই উপলক্ষ্য়ত কাইলৈ দেওবাৰে মাজনিশা ডঃ ভূপেন হাজৰিকাৰ শ শ অনুৰাগী তথা গায়ক-গায়িকা সকলে নিশা ১২ বজাৰ লগে লগে সমবেত কণ্ঠত গাব তেখেতৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে, অহো হো মহো হো, বিস্তৃৰ্ণ পাৰৰে, অগ্নিযুগৰ ফিৰিঙতি মই, নামি অহা সুন্দৰৰ সেনা শিল্পী দল আদি কালজয়ী গীত ৷
ভূপেন হাজৰিকাৰ গীতৰ উপৰিও শিল্পী গৰাকীৰ গীতৰ আধাৰত কেবাটাও নৃত্যৰ অনুষ্ঠান অনুষ্ঠিত হ’ব ৷ বৰপেটা চহৰৰ হৃদপিণ্ড স্বৰূপ পাঁচআলি চ’কত অনুষ্ঠিতব্য এই এনিশা ভূপেনদাৰ গান শীৰ্ষক অনুষ্ঠানক লৈ উৎসুক হৈ আছে সত্ৰনগৰী বৰপেটাবাসী।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
