গোলাঘাট, ০৫ আগষ্ট (হি.স.): গোলাঘাট জিলাৰ নুমলীগড়ৰ মৰঙিৰ পাতকটীয়াত যোৱাকালি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । অচিনাক্ত বাহনে মহতিয়াই নিয়ে এএছ ০৫ ৱাই ৮৪১৯ নম্বৰৰ এখন মটৰচাইকেল।
দুৰ্ঘটনাটোত থিতাতে নিহত হয় অজিত শইকীয়া নামৰ এজন যুৱক। যুৱক জনৰ ঘৰ সৰুপথাৰৰ উৰিয়ামঘাটত। ঘটনাস্থলীত নুমলীগড় আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
