চিৰাং, ১৯ নৱেম্বৰ (হি.স.)। আজি ক্ৰিকেট বিশ্বকাপ , ২০২৩ ৰ ফাইনেল খেল। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা এই ফাইনেল খেলক লৈ দেশ বিদেশত ক্ৰিকেট প্ৰেমীসকলৰ মাজত ব্যাপক আনন্দ উল্লাস। ইফালে খেলখনত ভাৰতৰ বিজয়ৰ বাবে সমগ্ৰ দেশতে বিভিন্ন জনে পূজা অৰ্চনা কৰাৰ লগতে নিজ নিজ পদ্ধতিৰে ভাৰতক সমৰ্থন জনাইছে।
অসমতো একে পৰিৱেশ দেখা গৈছে। টীম ভাৰতৰ বিজয় কামনাৰ্থে চিৰাঙৰ বিজনীৰ বেলতলা শিৱ ধামত বিজনীৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সম্পাদক অজয় কুমাৰ ৰায়ে মহাযজ্ঞৰ আয়োজন কৰে।
বিধায়ক গৰাকীয়ে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত ক্ৰিকেট বিশ্বকাপৰ ফাইনেল খেলত যাতে ভাৰতৰ দলে জয়ী হয় তাৰ বাবে বেলতলা শিৱ ধামত প্ৰভু শিৱৰ চৰণত পূজা-অৰ্চনা কৰাৰ লগতে মহাযজ্ঞ কৰে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/আলোক.
