ৰোহটক, ০৫ আগষ্ট (হি.স.)। সাধৱী যৌন শোষণ গোচৰত সুনাৰিয়া কাৰাগাৰত কাৰাদণ্ড ভুগি থকা ডেৰা প্ৰমুখ ৰাম ৰহিমক ৪০ দিনৰ পেৰ’ল দিয়া হৈছে। মঙলবাৰে পুৱা কটকটীয়া নিৰাপত্তাৰ মাজতে জিলা কাৰাগাৰৰ পৰা ওলাই আহিছিল ৰাম ৰহিম।
মঙলবাৰে পুৱা প্ৰায় ৭ বজাত ডেৰা সচ্চা সৌদা প্ৰমুখ ৰাম ৰহিমে ৪০ দিনৰ পেৰ’লত সুনাৰিয়া জিলা কাৰাগাৰৰ পৰা ওলাই আহিছিল। এই সময়ছোৱাত কাৰাগাৰ চৌহদত অতিৰিক্ত নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল। চলিত বৰ্ষৰ ৯ এপ্ৰিলত ৰাম ৰহিমে ২১ দিনৰ পেৰ’লত ওলাই আহিছিল আৰু এইবাৰ ১৪ সংখ্যক কাৰাগাৰৰ পৰা ওলাই আহিছে। জেলৰ অধীক্ষক সত্যৱানে কয় যে জেলৰ নিয়ম অনুসৰি ৰাম ৰহিমক পেৰ’ল দিয়া হৈছিল।
সাধ্ৱীক ধৰ্ষণ আৰু হত্যাৰ গোচৰত ২০ বছৰৰ কাৰাদণ্ড ভুগি আছে ৰাম ৰহিমে। এইবাৰ ডেৰা প্ৰমুখৰ জন্মদিন উদযাপন কৰিবলৈ ওলাই আহিছে। ১৫ আগষ্টত ৰাম ৰহিমৰ ৫৮ সংখ্যক জন্মদিন। পেৰ’লৰ নিয়ম অনুসৰি তেওঁক ছিৰছা ডেৰাত ভিৰ কৰিবলৈ দিয়া নহয়। তথাপিও তেওঁ নিজৰ অনুগামীসকলক ভাৰ্চুৱেলি সম্বোধন কৰিব পাৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
