মৰিগাঁও, ২৬ ছেপ্টেম্বৰ (হি.স.):অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি আন্তৰিক সন্মান জনাই তিৱা স্বায়ত্ব শাসিত পৰিসদৰ ফালৰ পৰা মৰিগাঁৱত মহান শিল্পী গৰাকীৰ এক সর্বাংগ সুন্দৰ প্ৰতিমূৰ্তি নিৰ্মান কৰা হ’ব বুলি ঘোষণা কৰিছে তিৱা স্বায়ত্ব পৰিসদৰ মুখ্য কাৰ্যবাহী জীবন চন্দ্ৰ কুঁৱৰে।
মৰিগাঁওস্থিত তিৱা পৰিসদৰ মুখ্য কাৰ্যালয়ত আজি এক সংবাদ মেল অনুষ্ঠিত কৰি মুখ্য কাৰ্য বাহী গৰাকীয়ে মহান শিল্পী গৰাকীৰ প্ৰতিমূৰ্তি স্থাপনৰ ক্ষেত্ৰত মৰিগাঁৱৰ প্ৰতিটো দল সংগঠন আৰু ৰাইজৰ পৰামৰ্শ আৰু সহযোগিতা লোৱা হ’ব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
