শিৱসাগৰ, ২৮ জুলাই (হি.স.): শিৱসাগৰ জিলাৰ নাজিৰাৰ ন-মাটিত যোৱা কালি দেওবাৰে নিশা ৰাইজে অনুষ্ঠিত কৰিলে ভেকুলীৰ বিয়া । খৰাং বতৰৰ পৰা পৰিত্ৰাণ পাবলৈ নাজিৰা ন-মাটিৰ কেইবাখনো গাঁৱৰ ৰাইজে একত্ৰিত হৈ আয়োজন কৰিলে ভেকুলী বিয়াৰ।
বহু দিন ধৰি পৰ্যাপ্ত বৰষুণ নোহোৱাৰ ফলত খেতি পথাৰৰ পানী শুকাই যোৱাত এতিয়া বিপাঙত পৰিছে কৃষক ৰাইজ। সেয়ে ন-মাটি অঞ্চলৰ কেইবাখনো গাঁৱৰ শ শ ৰাইজ ওলাই আহি নীতি নিয়মৰ মাজেৰে অনুষ্ঠিত কৰিলে ভেকুলী বিয়া।
গাঁৱৰ ৰাইজে ঢোলে দগৰে নাচি বাগি আনন্দ উচাহৰ মাজেৰে দৰা কইনাক নুৱাবলৈ পানী তুলিবলৈ যোৱাও পৰিলক্ষিত হয়। ভেকুলী বিয়াৰ পাছতে বৰুণ দেৱতা তুষ্ট হৈ বৰষুণ আহিব বুলি আশা কৰিছে গাওঁকেইখনৰ কৃষক ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
