–হাতীপটি হাইস্কুল ভোটকেন্দ্ৰৰ সমুখত সন্দেহজনক অৱস্থান
শিৱসাগৰ, : শিৱসাগৰ জিলাৰ নাজিৰা বিধান সভা সমষ্টি এলেকাত ১২ নং যোৰহাট লোকসভা সমষ্টিৰ প্ৰায় নিয়াৰিকৈ সম্পন্ন হ’বলৈ ধৰা নিৰ্বাচনী প্ৰক্ৰিয়াত হাতীপট্টিত সন্দেহজনক অৱস্থাত জনচক্ষুলৈ আহে অতিৰিক্ত ইভিএম । এএছ ০৪ এএ ৭৮৪৮ নম্বৰৰ এখন বগা ৰঙৰ ব’লেৰ গাড়ীৰ চীটত চাৰিটাকৈ ইভিএম বহুৱাই ৰৈ থকা অৱস্থাত প্ৰায় দুই ঘণ্টাৰো অধিক সময় হাতীপটি হাইস্কুল ভোটকেন্দ্ৰৰ সমুখত কালি নিশা গাড়ীখন ৰৈ থকাৰ বাবে স্থানীয় ৰাইজ আৰু ৰাজনৈতিক দলৰ কৰ্মীৰ মনত সন্দেহ হয় ।
ৰাইজে ইভিএম কেইটা কিয় ৰখা হৈছে আৰু ইভিএম কেইটা কলৈ নিবলৈ বিচৰা হৈছে বুলি প্ৰশ্ন কৰাত গাড়ীখনত বহি থকা নিৰ্বাচনৰ জ’নেল বিষয়া দেৱাশীষ নন্দীয়ে কোনো উত্তৰ দিয়াত ব্যৰ্থ হয় । পৰিস্থিতিয়ে ক্ৰমাৎ উত্তেজনাৰ ৰূপ ধাৰণ কৰাত আৰক্ষীৰ লোক ঘটনা স্থলীত উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰি অতিৰিক্ত আৰক্ষী অধীক্ষকৰ তত্বাৱধানত বিষয়াসহ ইভিএম কেইটা নাজিৰা জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্য্যালয়লৈ লৈ অনা হয় ।
আনহাতে হাতীপটি হাইস্কুল ভোট গ্ৰহণ কেন্দ্ৰৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ প্ৰিজাইডিং আৰু পোলিং বিষয়া সকল সেই সময়ত নাজিৰা জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্য্যালয়লৈ বুলি উলটি অহাৰ বাবে প্ৰস্তুত হৈ আছিল আৰু তেওঁলোকে বাহিৰত সংঘটিত ঘটনাৰ বিষয়ে অৱগত হোৱা নাছিল । এতিয়া প্ৰশ্ন হয় নিৰ্বাচনী আচৰণ বিধিৰ অধীনত জ’নেল বিষয়াৰ পৰ্য্যায়ত কাম সম্পাদন কৰা বুলি নাজিৰা জিলা নিৰ্বাচনী বিষয়াৰ স্বাক্ষৰত চিনাক্তকৰণ পত্ৰ লৈ ফুৰা দেৱাশীষ নন্দীয়ে প্ৰকৃততে কি উদ্দেশ্যত ইভিএম কেইটা লৈ ফুৰিছিল তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। এইক্ষেত্ৰত নাজিৰা জিলা নিৰ্বাচনী বিষয়াই স্বচ্ছাতাৰে কি উত্তৰ দিয়ে ৰাইজে তালৈ বাট চাই ৰৈছে ।
