যোৰহাট, ১৭ জানুৱাৰী (হি স)। যোৰহাট জিলাৰ তিতাবৰৰ বিশিষ্ট কাঠ ফুলা খেতিয়ক বসন্ত চিৰিং ফুকনে লাভ কৰিছে ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অসামৰিক বঁটা অসম গৌৰৱ বঁটা। নাম ঘোষণা পাছতে আনন্দিত হৈ পৰিছে বিশিষ্ট কাঠ ফুলা খেতিয়ক বসন্ত চিৰিং ফুকন ।
উল্লেখ্য় যে ২০০১ চনৰ পৰা কাঠ ফুলা খেতি কৰি আহিছে খেতিয়ক গৰাকীয়ে। তিতাবৰ বিৰিনাশায়েকৰ নিবাসী বসন্ত চিৰিং ফুকনে এই বঁটা লাভ কৰা পাছত অধিক উৎসাহি হৈ পৰিছে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
