গুৱাহাটী, ২০ ছেপ্টেম্বৰ (হি.স.)। জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ নশ্বৰদেহ কাইলৈ দেওবাৰে সৰুসজাইত ৰখা হ’ব। অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া কমপ্লেক্স (পূৰ্বৰ সৰুসজাই ষ্টেডিয়াম) জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ নশ্বৰদেহত জনসাধাৰণে শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰিব।
প্ৰশাসনে জনোৱা মতে, দেওবাৰে পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ শেষ শ্ৰদ্ধাঞ্জলিৰ সময় নিৰ্ধাৰণ কৰা হৈছে। এই সময়ছোৱাত জনতাই নিজৰ মৰমৰ শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
