
কোকৰাঝাৰ, ০৫ ডিছেম্বৰ (হি.স.): কোকৰাঝাৰ জিলাৰ গোঁসাইগাওঁ ৰ শিমূলটাপু ভি.চি.ডি.চিৰ অন্তৰ্গত ৭৮৫ নং এল. পি স্কুল প্ৰাংগনত সোমবাৰে আবেলি বড়োলেণ্ড প্রদেশীয় পৰিষদ সমাজৰ মাজলৈ যোৱাৰ কাৰ্য্যসূচী শীৰ্ষক এক কাৰ্য্যসুচী অনুষ্ঠিত হয় । কাৰ্য্যসুচী খনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৩নং শ্ৰীৰামপুৰ সমষ্টিৰ পাৰিষদ সন্মানীয় সজল কুমাৰ সিংহ ডাঙৰীয়া।
লগতে উপস্থিত থাকে বিটিআৰৰ চিফ প্ৰমোদ বৰো ডাঙৰীয়াৰ উপদেষ্টা ড° সুনিল কাউল।কচুগাওঁ আৰু হাতিধুৰাৰ ব্লকৰ BDO আৰু ইঞ্জিনিয়াৰ। বিভিন্ন বিভাগৰ ভিন্ন পৰ্যায়ৰ অফিচাৰ। বিভিন্ন গাঁৱৰ ভি.চি.ডি.চিৰ Chairman আৰু মেম্বাৰ সকলৰ লগতে ৰাইজসকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
