
গুৱাহাটী, ১৫ নৱেম্বৰ (হি.স.)। মহানগৰীৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় জিএনআৰচিৰ বিশেষ পদক্ষেপ।
প্ৰায় ১৩০ গৰাকী স্বাস্থ্যমিত্ৰ নিয়োগেৰে গ্ৰামাঞ্চলৰ লোকসকলৰ ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ ক্ষেত্ৰত সজাগতা অনাৰ চেষ্টা। ইয়াৰ যোগেৰে ভিতৰুৱা অঞ্চলৰ লোকসলক ৰোগ আৰু ইয়াৰ উপযুক্ত চিকিৎসা সন্দৰ্ভত দিকদৰ্শন কৰাৰ প্ৰচেষ্টা জিএনআৰচি কৰ্তৃপক্ষৰ।
ইয়াৰ দ্বাৰা মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে বিশেষভাৱে উপকৃত হ’ব বুলি জানিবলৈ দিয়ে জিএনআৰচি কৰ্তৃপক্ষই।
আজি ডিমৰীয়া মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা এক উচ্চ পৰ্যায়ৰ স্বাস্থ্য শিবিৰৰ অন্ত সংবাদমেলযোগে জানিবলৈ দিয়ে জিএনআৰচি কৰ্তৃপক্ষই।
লগতে অত্যাধুনিক প্ৰযুক্তিসম্পন্ন এখন এম্বুলেন্সো ডিমৰীয়া মহাবিদ্যালয়লৈ আগবঢ়ায় জিএনআৰচি কৰ্তৃপক্ষই।
হিন্দুস্থান সমাচাৰ / Narayan Kar
