কলকতা, ১৫ নৱেম্বৰ (হি স)। দিল্লীৰ বিস্ফোৰণৰ পিছত যেতিয়া গোটেই দেশতে ৰেট এলাৰ্ড জাৰি কৰা হৈছে ঠিক তেনে সময়তে পশ্চিমবঙ্গৰ দিনহাটাৰ নন্দিগ্ৰামত দিল্লীৰ লালকিল্লা মেট্ৰ’ ষ্টেচনৰ লগত সংযোগ থকা এজন ব্যক্তিৰ ঘৰত কেন্দ্ৰীয় নিৰাপত্তা সংস্থা এনআইএ আতৰ্কিতে অভিযান চলায়। সমগ্ৰ ঘটনাক লৈ পশ্চিমবঙ্গৰ কোচবিহাৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
জানিব পৰা মতে আৰিফ হোছেইন নামৰ এজন ব্যক্তিক বিচাৰি চলাইছিল অভিযান । কেন্দ্ৰ আৰু ৰাজ্যৰ নিৰাপত্তা বাহিনীৰ অভিযান চলাই তিনি জনীয়া এনআইএৰ এটি দলে ।
কিন্তু আৰিফ আলীৰ শহুৰেকৰ ঘৰত চলোৱা অভিযানটোত আৰিফ আলীৰ পত্নীয়ে চতূৰিলিৰে আৰিফ আলীক পলাবলৈ দি্য়াৰ বাবে এনআইএৰ হাতৰ পৰা ৰক্ষা পৰে আৰিফ আলী। কিন্তু অভিযান কাৰী দলটোৱে মোৱাইল ফোনটো জব্দ কৰিবলৈ সক্ষম হয়।
দলটোৱে প্ৰায় ৪ ঘন্টা ধৰি অভিযান চলায় । পিছত তদন্ত কাৰী দলটোৱে পৰিয়ালৰ লোকৰ হাতত এখন ছিজাৰ লিষ্ট দি যায় য’ত আৰিফ আলীৰ বিৰুদ্ধে ৰাষ্ট্ৰীদ্ৰোহ, উগ্ৰপন্থী কাৰ্যকলাপত যুক্ত থকা, সহযোগ কৰা ইত্যাদি বিভিন্ন ধাৰা সন্নিৱিষ্ট কৰা হয়।
আৰিফ আলীৰ পত্নী সাহেৰা বিবি জানিবলৈ দিয়া মতে আৰিফ আলী নয়াহাট বজাৰত কাপোৰৰ দোকান কৰে । লগতে ঠিকাদাৰিয়ো কৰে । সাহেৰা বিবিয়ে আৰু জানিবলৈ দিয়ে মতে আৰিফ হোছেইনে প্ৰায় ৫ বছৰ পূৰ্বে বাংলাদেশৰ পৰা আহি তাত থাকিবলৈ আৰম্ভ কৰে। আৰিফৰ বিৰুদ্ধে অবৈধ ক’লা টকাৰ কাৰোবাৰ কৰাৰ অভিযোগ থকাৰ কথা অভিযানকাৰী দলটোৰ পৰা তেওঁ কোৱ শুনিবলৈ পোৱা বুলি সংবাদ মাধ্যমক জনায় ।
আনহাতে বংগ আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে ২০২৩ চনৰ এনআইএৰ ওচৰত আৰিফ হোছেইনৰ বিৰুদ্ধে এটি গোচৰ ৰুজু হৈ আছে আৰু তদন্তৰ বাবে এন আই এৰ দলটোৱে অভিযান চলাই।
আৰিফ আলী ৫ বছৰ আগতে বাংলাদেশৰ পৰা আহি ভাৰতত প্ৰৱেশ কৰে আৰু বিয়া পাতি তাতে থাকিবলৈ আৰম্ভ কৰে। আৰিফ হোছোইনৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাৰ্যকলাপ পৰিচালনা, ৰাষ্ট্ৰদ্ৰোহ সহ একাধিক অভিযোগত পশ্চিমবঙ্গৰ কোচবিহাৰ জিলাৰ দিনহাটাৰ আৰিফ হোসেনৰ ঘৰত এনআইএ দলে অভিযান চলায়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
