ধুবুৰী, ৩১ জুলাই (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত যোৱাকালি বুধবাৰে বিয়লি এডোখৰ মাটিক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সংঘাতৰ সৃষ্টি হয়। গৌৰীপুৰ সুভাষ পল্লীত প্ৰায় ৪ কঠা মাটিকলৈ চলি আছে দীৰ্ঘ দিনীয়া সংঘাত।
গাঁও খনৰ ৰাইজৰ মতে উক্ত মাটি ডোখৰত তৰুণ তীৰ্থ ক্লাব আৰু দেশ বন্ধু ক্লাবে ব্য়ৱহাৰ কৰাৰ লগতে থকা দুটা মন্দিৰত ৪০ বছৰে পুজা অৰ্চনা কৰি আছে বুলি জনাই দিয়ে। লগতে উক্ত ঠাই খিনিত গৌৰাংগ মন্দিৰৰ প্ৰসাদ খোৱাৰ ব্যৱস্থা কৰা হয় বুলি স্থানীয় ৰাইজে জনাই দিয়ে। পিছে বিভা পাল আৰু তেওঁৰ স্বামী খুশি মোহন পাল আৰু পুত্ৰাই প্ৰশাসনৰ লোকলৈ উক্ত মাটিত উপস্থিত হোৱাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পিছে ঘটনা স্থলীত গৌৰীপুৰ চক্ৰবিষয়া উপস্থিত হৈ পৰিবেশ নিয়ন্ত্ৰণ কৰে। দুয়ো পক্ষই মাটিডোখৰকলৈ দাবী জনাই আছে,নথিপত্ৰ তদন্ত আৰু উপযুক্ত তদন্ত অন্তত মাটি কোনে লাভ কৰে সেয়া হ’ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
