শিৱসাগৰ, ২৮ নৱেম্বৰ (হি.স.): শিৱসাগৰৰ গেমন দলঙত বৃহৎ ফাঁট মেলা দেখা পোৱা গৈছে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গেমন দলঙৰ মাজ অংশত মেলিলে এই ফাঁট। ইয়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথেৰে উজনি- নামনিৰ সম্পুৰ্ণ যাতায়ত বন্ধ হৈ পৰিছে।
উল্লেখ্য যে ৮০ৰ দশকৰ মাজ ভাগত গেমন ইণ্ডিয়া কোম্পানীয়ে নিৰ্মাণ কৰা দলং খনত ফাঁট মেলাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। যোৱা কালি বৃহস্পতিবাৰৰ সন্ধিয়াৰে পৰা নিশা পৰ্য্যন্ত ব্যাহত হৈ থাকে যাতায়ত। পুৰণি এ টি ৰো’ডেৰে শিৱসাগৰ চহৰৰ মাজেৰে চলিছে যাতায়ত। ইয়াৰ ফলত পুৰণি এ টি ৰো’ডত অভাৱনীয় যানযটৰ সৃষ্টি হয়। এইক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নিৰ্দেশত ঠিকাদাৰী প্ৰতিষ্ঠানে যুদ্ধকালীন তৎপৰতাৰে চলাইছে মেৰামতিৰ কাম।ইফালে পুৰণি হৈ পৰা দলং খনৰ বহন ক্ষমতাক লৈও ৰাইজৰ সন্দেহ ঘনীভূত হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
