• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > গোসাঁইগাঁৱত এপিবিৰ বিশাল গণ সমাৱেশ
Regional

গোসাঁইগাঁৱত এপিবিৰ বিশাল গণ সমাৱেশ

CliQ INDIA
Last updated: September 12, 2025 3:11 pm
CliQ INDIA
Share
4 Min Read
SHARE

কোকৰাঝাৰ, ১১ ছেপ্টেম্বৰ (হি.স.): ‘‘আপোনাৰ এটা এটা ভোটে ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰিব ৷ নিজৰ সতি-সন্তানৰ সুৰক্ষিত ভৱিষ্যত গঢ়িবলৈ নিজৰ আত্মসন্মান আৰু বিবেকক বিক্ৰী নকৰিব ৷ বৰ্তমান সময়ত ৰাজনীতিৰ দুটা প্ৰচলিত ধাৰা টকা আৰু মিথ্যা প্ৰতিশ্ৰুতি ৷ যি দুটাৰ এটাও নাই অল্টাৰনেটিভ পাৰ্টি অব বডোলেণ্ড চমুকৈ এপিবিৰ ৷ যি ৰাজনৈতিক দলে কাকো মিথ্যা প্ৰতিশ্ৰুত নিদিয়ে ৷ যি টকাৰ দ্বাৰা ভোটাৰক কিনিব পাৰে ৷ লিডাৰক কিনিব পাৰে ৷ ৰাজনৈতিক দলবিলাকে অসম্ভৱ মিছা কথা ক’ব পাৰে ৷ কিন্তু এই দুটাৰ এটাও নাই ৷ টকাও নাই, মিছা কথা ক’বও নোৱাৰে ৷’’– এই ভাষ্য এপিবিৰ সভানেত্ৰী ড° অঞ্জলি দৈমাৰীৰ ৷ গোসাঁইগাঁও সদৰ চহৰৰ হাব্ৰুবিলস্থিত ইউ এন খেলপথাৰত আয়োজিত বিশাল সমাবেশত দলৰ মুৰব্বী দৈমাৰীয়ে বৃহস্পতিবাৰে এই মন্তব্য় কৰে ।

দৈমাৰীয়ে আৰু কয়, বডোলেণ্ড আন্দোলনৰ নামত আত্মবলিদান দিয়া সকলৰ ত্যাগক বিসৰ্জন দি বিজেপিৰ টকাৰে হেলিকপ্টাৰ উৰুৱাই জাতীয় চৰিত্ৰক বিসৰ্জন দিছে ৷ বিগত পাঁচটা বছৰে শাসনত বহা সকলে বিটিচিক বিক্ৰী কৰিছে ৷ পাঁচ বছৰত বিটিচিৰ ভৱিষ্যত অন্ধকাৰ কৰি পেলাইছে ৷ বড়ো সকলৰ স্বাভিমানক হত্যা কৰি কোনোবা বেলেগৰ ৰিমটেৰে চলাই আছে ৷ নিজৰ স্বতন্ত্ৰতা নোহোৱা কৰিছে ৷ গণতান্ত্ৰিক অধিকাৰক খৰ্ব কৰা হৈছে ৷ যি সকলে আত্মবলিদান দিলে সেই সকলৰ ত্যাগক ভুলুণ্ঠিত কৰা হ’ল ৷ যি সকলে জীয়াই আছে, সেই সকলৰ গোচৰ সমূহ নিষ্পত্তি কৰা নহ’ল৷ ৰাজ্য তথা বহিঃ ৰাজ্যত বহু গোচৰ চলি আছে ৷ সেই সকলৰ ভৱিষ্যত অনিশ্চিত ৷ কিন্তু যি সকলৰ বলিদানত বিটিআৰ পালে, সেই সকলৰ ত্যাগক অপমান কৰিলে ৷

বক্তব্যত কয়, এই চৰকাৰে ইচ্ছা কৰিলে নিজাকৈ নীতি বনাব পাৰিলেহেঁতেন ৷ কিন্তু তাকে নকৰি খিলঞ্জীয়াৰ ভুমি আম্বানি, আদানি আৰু ৰামদেৱৰ দৰে লোকক হাজাৰ হাজাৰ বিঘা মাটি দান কৰিছে ৷ যিটো সময়ত বিটিচিত বড়ো জনগোষ্ঠীৰ লোকেই আটাইতকৈ বেছি উচ্ছেদিত হৈছে ৷ এই ভুমিৰ স্থায়ী সমাধান নকৰিলে ৷ এতিয়া বিটিচিত দুশতকৈ অধিক গাঁও উচ্ছেদিত হ’ব ৷ এক ভৱানক পৰিস্থিতিৰ সৃষ্টি কৰিব বিচৰা চৰকাৰে ৷ ভুমিৰ নীতি, শিক্ষা স্বাস্থ্যৰ নীতি বনাব নোৱাৰিলে ৷ যি শাসন ব্যৱস্থাত বছৰত এদিন বহে অধিবেশন বহে ৷ গতিকে বছৰত এটা দিনত কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে ৷ এনেকি যি সকলে আত্মবলিদান দিলে ৷ সেই সকলক মৰ্যদা প্ৰদান কৰা হোৱা নাই ৷ যাৰ বাবে মাত্ৰ পাঁচ মহীয়া এটি দলক ভয় কৰিবলগীয়া হৈছে ৷ এই দলৰ প্ৰতি ৰাইজৰ সহায়, বিশ্বাস জন্মিছে ৷

দৈমাৰীয়ে বক্তব্যত আৰু কয়, এই এপিবি এটা আন্দোলন ৷ এই আন্দোলন ৰাজনৈতিক আন্দোলন ৷ এই আন্দোলন ৰাজপথত নহয়, ৰে’ল লাইনত নহয়, সকলো জাতি জনগোষ্ঠীৰ লোকক সম অধিকাৰ, সম মৰ্যদা, সম বিকাশ প্ৰদানৰ আন্দোলন ৷ এই আনোলনত সকলো জাতি জনগোষ্ঠীৰ লোকে একেলগে, একেশাৰীত বহি একেলগে কথাপাতি সমস্যাৰ সমাধান কৰিব লাগিব ৷ আদিবাসী, মুছলিম সকলো জাতি জনগোষ্ঠীৰ কি সমস্যা একেলগে বহি আলোচনাৰ মাজেৰে সমাধান কৰিব লাগিব ৷ নিৰ্বাচনী বতৰত সভানেত্ৰী গৰাকীয়ে কয়, যোৱা ২০২০ চনত ইউপিপিএল দলে কিমান প্ৰতিশ্ৰুতি দিছিল এটাও পুৰন কৰিব নোৱাৰিলে ৷ এটা ভোট এটা চাকৰি ৷ দিব পাৰিলে জানো ৷ শিক্ষা সাহিত্য সংস্কৃতি, মহিলা সকলৰ উন্নতি কাৰণে পৃথিৱীৰ ডাঙৰ দেশ বিলাকেও ঘৰে ঘৰে চাকৰি দিব নোৱাৰে ৷ চৰকাৰৰ ১২ শ টকা আৰু ফ্ৰি চাউলেৰে মানুহ কেতিয়াও ধনী নহয় ৷ চৰকাৰে ৰাইজক ধনী হোৱাৰ কাৰণে টকা দিয়া নাই ৷ পৰনিৰ্ভৰশীল কৰিবলৈ চেষ্টা কৰি আছে ৷ পৰমুখাপেক্ষী বনাইছে ৷ মহিলাক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে ৷ টকা বাবে আত্ম সন্মান বজাই ৰাখিব লাগে ৷ টকাৰ বাবে নিজৰ বিবেকক বিক্ৰী কৰিব নালাগে বুলিও ৰাইজক উদ্দেশ্যি বক্তব্য প্ৰদান কৰি এপিবিৰ প্ৰাৰ্থীক জয়ী কৰাই বিটিচিত সুস্থ, সমৃদ্ধিশালী আৰু প্ৰগতিশীল চৰকাৰ গঠনত সহায় সহযোগ কৰিবলৈ আহ্বান জনায় ৷

সভাত জিলাখনৰ আঠ গৰাকী মনোনীত প্ৰাৰ্থীয়ে উপস্থিত থাকে ৷ নিৰ্বাচনী প্ৰচাৰ সভাত কেইবা সহস্ৰাধিক লোক উপস্থিত থাকে৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ

You Might Also Like

মণিপুৰত অস্ত্ৰ সৰবৰাহৰ ৰেকেট উৎখাত, আটক চাৰিজন
কোকৰাঝাৰ লোকসভা সমষ্টিত অন্তিম দিনা বিপিএফসহ সাত প্ৰাৰ্থীৰ মনোনয়ন দাখিল
পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ সমীপত ভয়াৱহ পথ দুৰ্ঘটনা
চাপৰৰ সোনামূখী বেতবাৰীত ৰেলৰ খুন্দাত এজনৰ মৃত্যু
বগৰী খেতিৰে স্বাৱলম্বনৰ পথ কচুৱাৰ নুৰুল ইছলামৰ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article লক্ষ্ণৌৰ পথ দুৰ্ঘটনাত ৫জন লোকৰ মৃত্যু, ১৯জন আহত
Next Article ইউএফএ চেম্পিয়নছ লীগ ২০২৬-২৭ৰ ফাইনেলত খেলিব মাদ্ৰিদ আৰু ৱাৰ্ছ’
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?