নগাঁও, ০৯ ফেব্ৰুৱাৰী : মন কৰিলেই চন ,বাকৰী মাটিতেই ধন।” অসমীয়া জনজীৱনৰ এই আপ্তবাক্য শাৰী বাস্তৱত পৰিণত কৰি দেখুৱাইছে নগাঁও জিলাৰ কঠীয়াতলী উন্নয়ন খণ্ডৰ কচুৱাৰ আলিটাঙনিৰ এজন লোকে। কৰ্মকে ধৰ্ম হিচাবে লৈ নুৰুল ইছলাম লোকজনে বগৰী খেতি কৰি এবছৰীয়া নিৰন্তৰ কষ্টৰ ফচল হিচাবে ইস্পিত সন্তোষজনক লাভালাভ অর্জন কৰিবলৈ সক্ষম হৈছে।
ঐতিহাসিক মাধৱ থানৰ কৃষি ভূমিত ব্যতিক্ৰমী ঋতুকালীন খেতি কৰাৰ মনস্থ কৰি সংগ্ৰহ কৰে জাগিৰোডৰ এখন নাৰ্চাৰী পৰা সংগ্ৰহ কৰে বগৰী পুলি। চাৰি বিঘা মাটি কালি চহ কৰি নুৰুল ইছলামে বৈজ্ঞানিক উক্ত মাটিত ৰোপণ কৰে কেইবাটাও উন্নত প্ৰজাতিৰ আপেল বগৰীৰ পুলি।২০২৩ বর্ষৰ মাৰ্চ- এপ্ৰিল মাহত সমগ্ৰ মাটিকালিত এই বগৰী পুলি ৰোপণ কৰি বৈজ্ঞানিক পদ্ধতিৰে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা লোমা লোমে ফচল উৎপাদন কৰিবলৈ সমৰ্থ হৈছে। মাটিৰ গুণাগুণ আৰু জৈৱিক সাৰ প্ৰয়োগ সাপেক্ষে অন্য আপেল বগৰিতকৈ অধিক সুস্বাদু আৰু উৎকৃষ্ট মানৰ লগতে অধিক পৰিমাণৰ বগৰী উৎপাদন কৰি ঈর্ষণীয় অৰ্থোপার্জন কৰিবলৈ সক্ষম হোৱাৰ আশা কৰিছে নুৰুল ইছলামে ।
