শোণিতপুৰ, ২৩ নৱেম্বৰ(হি.স.)। আজি তেজপুৰৰ চেতনা লেডিছ ক্লাৱ নামৰ সামাজিক সংগঠনৰ উদ্যোগত আৰু ব্যৱস্থাপনাত তেজপুৰৰ ঐতিহাসিক মহাভৈৰৱ মন্দিৰত তেজপুৰৰ বিভিন্ন প্ৰান্তৰ আৰ্থিক ভাৱে অনগ্ৰসৰ বিবাহ যোগ্য দম্পতিৰ সামাজিক আৰু ধৰ্মীয় ৰীতি নীতি সমূহীয়া বিবাহ সম্পন্ন কৰে। লগতে চৰকাৰী নীতি নিৰ্দেশনা আৰু আইনী প্ৰক্ৰিয়াৰেও বিবাহ সম্পন্ন কৰিব।
আৰ্থিক ভাৱে অনগ্ৰসৰ বিবাহযোগ্য দম্পত্তীৰ বিবাহ সম্পন্ন কৰোৱাৰ লগতে বিবাহৰ বাবে প্ৰয়োজনীয় সকলো সা-সামগ্ৰী আদি প্ৰদান কৰাৰ লগতে কাপোৰ কানি, বাচন বৰ্তন আৰু আগন্তুক এক মাহ লৈকে যাতে নৱ বিবাহিত দম্পত্তি কোনো ধৰণৰ আৰ্থিক অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এক মাহৰ খাদ্য সামগ্ৰীও প্ৰদান কৰে। সমূহীয়া বিবাহৰ মাংগলিক অনুষ্ঠানত শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ উপস্থিত হৈ নৱ বিবাহিত দম্পত্তিৰ সৈতে মত বিনিময় কৰে চেতনা লেডিছ ক্লাৱৰ এনে পদক্ষেপৰ বাবে ধন্যবাদ জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ / ৰমেন/মনোজ
