গোলাঘাট, ০৪ জুলাই (হি.স.)। হৰ ঘৰ নল, হৰ ঘৰ জল যোগানৰ লক্ষ্য়ৰে গ্ৰহণ কৰা হৈছে জল জীৱন মিছন নামৰ এক অভিলাষী আঁচনি। প্ৰতিটো পৰিয়ালৰ চোতাললৈ বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ লক্ষ্যৰে ব্যয় কৰি আহিছে হাজাৰ-হাজাৰ কোটি টকা। পিছে নুমলীগড়ৰ ঔগুৰী চাপৰি পানী যোগান আচঁনিৰ ২০২২-২০২৩ নিৰ্মাণ কৰা আজি লৈকে শুভাৰম্ভ নহল প্ৰধানমন্ত্ৰীৰ সপোনৰ আঁচনি ‘জল জীৱন মিছন’ ।
এই গাঁওখনত ঠিকাদাৰে আধা কাম কৰি পেলাই ৰাখিছে আঁচনিখনৰ কাম । আঁচনিখনৰ নিৰ্মাণৰ সামগ্ৰী পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে। সম্প্ৰতি জংঘলে আবৰি ধৰিছে চৌদিশ । ফলত ৰাজাবাৰী অঞ্চলৰ লোকসকলে বঞ্চিত হৈছে বিশুদ্ধ পানীৰ পৰা।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
