কামৰূপ। হাজোত তুংগত উঠিছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ। বিৰোধী ঐক্যৰ প্ৰাৰ্থী দ্বীপ বায়নৰ জোৰদাৰ প্ৰচাৰ হাজো-শুৱালকুছি সমষ্টিত। হাজোৰ কংগ্ৰেছ ভৱনৰ পৰা মাধৱ মন্দিৰলৈ বিশাল বাইক ৰেলী কংগ্ৰেছ প্ৰাৰ্থী গৰাকীৰ।
দ্বীপ বায়নে নিজৰ প্ৰচাৰ অভিযান চলোৱাৰ সমান্তৰালভাৱে বিজেপি দল তথা চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে। তেওঁ অভিযোগ কৰি কয় যে বিজেপি দলে ৰাইজক বিভিন্ন আঁচনিৰ নামত ভুৱা প্ৰতিশ্ৰুতি দিছে। ইফালে অখিল গগৈয়ে বৰপেটা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীত্বৰ বিৰোধিতা কৰা সন্দৰ্ভত কয় যে বিৰোধী ঐক্যৰ সকলো নেতা কৰ্মী কংগ্ৰেছ দলৰ লগতে আছে। আনহাতে নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদক কটাক্ষ কৰি কয় যে দুলু আহমেদ হৈছে নীতি আদৰ্শ বিহীন নেতা। দুলু আহমেদ হৈছে ফৰিঙৰ দৰে জপিয়াই ফুৰা নেতা। হাজোত এই মন্তব্য বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী দ্বীপ বায়নৰ।
