– যুৱৰাজ বৰ্মা আৰু যোগেশ চৌধুৰী হয়গৈ ‘চেম্পিয়ন অৱ চেম্পিয়ন’
নতুন দিল্লী, ০৪ জুলাই (হি.স.)। কেৰালাৰ থ্ৰিছুৰ চহৰত ২৮ জুনৰ পৰা ২ জুলাইলৈ অনুষ্ঠিত হোৱা ২০২৫ চনৰ পিএএফআই ৰাষ্ট্ৰীয় আৰ্মৰেছলিং চেম্পিয়নশ্বিপ (পাঞ্জা খেল)ত ক্ৰীড়া, শক্তি আৰু উৎসাহৰ এক বৃহৎ সংগম সাক্ষী হৈছিল। দেশৰ বিভিন্ন শাখাৰ শীৰ্ষ আৰ্ম ৰেছলাৰসকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু হাজাৰ হাজাৰ দৰ্শকে এই খেলবিধৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা প্ৰেম প্ৰমাণ কৰিছিল।
এই উপলক্ষে পাৰবীন দাবাছে কয় যে, এইবাৰৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ অতি ৰোমাঞ্চকৰ আছিল। খেলুৱৈসকলৰ মাজত প্ৰচণ্ড প্ৰতিযোগিতা দেখা গৈছিল, যিটো আগষ্ট মাহত অনুষ্ঠিত হ’বলগীয়া প্ৰ’ পাঞ্জা লীগ ছিজন ২ৰ ট্ৰেইলাৰৰ দৰে আছিল।
প্ৰীতি ঝাংগিয়ানীয়েও প্ৰতিযোগিতাখনৰ প্ৰশংসা কৰি কয় যে, এনেধৰণৰ অনুষ্ঠানসমূহে দেশৰ বিভিন্ন প্ৰান্তৰ যুৱ খেলুৱৈসকলক এক মঞ্চ প্ৰদান কৰে আৰু ভাৰতীয় আৰ্মৰেছলিঙৰ উজ্জ্বল ভৱিষ্যতৰ ভেটি স্থাপন কৰে। ত্ৰিছুৰবাসীৰ উষ্ম আদৰণি আৰু উৎসাহ দেখাটোও এক অবিস্মৰণীয় অভিজ্ঞতা আছিল।
২০২৫ চনৰ এই অনুষ্ঠানটোৱে খেলুৱৈসকলৰ প্ৰতিভাক এক মঞ্চ প্ৰদান কৰাই নহয়, ভাৰতীয় আৰ্মৰেছলিঙক নতুন উচ্চতালৈ লৈ যোৱাৰ দিশতো এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰমাণিত হয়।
এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাংসদ কে ৰাধাকৃষ্ণন, কেৰেলা আৰ্মৰেছলিং এছ’চিয়েশ্যনৰ সভাপতি আজু জেকব, প্ৰ’ পাঞ্জা লীগৰ প্ৰতিষ্ঠাপক পাৰবীন দবাছ আৰু পিএএফআইৰ সভাপতি তথা এছিয়ান আৰ্মৰেছলিং ফেডাৰেচনৰ উপ-সভানেত্ৰী প্ৰীতি ঝাংগিয়ানীও বিশেষভাৱে উপস্থিত থাকে। পাৰবীন আৰু প্ৰীতিক কেৰেলাৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰা দেখা গৈছিল, যিয়ে স্থানীয় সংস্কৃতিক সন্মান প্ৰদান কৰিছিল।
কেৰালাৰ আধিপত্য, পদক তালিকাৰ শীৰ্ষত-
আয়োজক ৰাজ্য কেৰালাই উজ্জ্বল প্ৰদৰ্শন কৰি ৭৪টা স্বৰ্ণ, ৯১টা ৰূপ আৰু ৫০টা ব্ৰঞ্জৰ পদক লাভ কৰি ১৮১৩ পইণ্ট লাভ কৰি শীৰ্ষ স্থান দখল কৰে। মেঘালয়ে ২৩টা সোণ, ১৫টা ৰূপ আৰু ১২টা ব্ৰঞ্জৰ পদক (মুঠ ৪৮০ পইণ্ট) লাভ কৰি দ্বিতীয় স্থান দখল কৰাৰ বিপৰীতে নতুন দিল্লীয়ে ১৭টা সোণ, ১৭টা ৰূপ আৰু ১২টা ব্ৰঞ্জৰ পদক (৪৭৭ পইণ্ট) লাভ কৰি তৃতীয় স্থান দখল কৰে।
চেম্পিয়ন অৱ চেম্পিয়নছত জিলিকি উঠে যুৱৰাজ, যোগেশ আৰু হৰকোমল
ছিনিয়ৰ পুৰুষৰ শাখাত যুৱৰাজ ভাৰ্মাই দাৰা সিং হাণ্ডাক পৰাস্ত কৰি ‘চেম্পিয়ন অৱ চেম্পিয়নছ’ খিতাপ দখল কৰাৰ বিপৰীতে ছিনিয়ৰ মহিলা শাখাত অভিজ্ঞ যোগেশ চৌধাৰীয়ে এই সন্মান লাভ কৰে।
যুৱ ল’ৰাত পঞ্জাৱৰ হৰকোমল গিল,
যুৱ ছোৱালীত তেজা পি জে,
জুনিয়ৰ বয়ছত আভাস ৰাণা,
জুনিয়ৰ গাৰ্লছত জোছুয়া এম,
ছাব জুনিয়ৰ বয়ছত ঋতুৰাজ পাণ্ডে,
ছাব-জুনিয়ৰ গাৰ্লছত ফাতিমা ফিদা এ এছ,
মাষ্টাৰছ উইমেনত যোগেশ,
মাষ্টাৰছ মেনত শ্বাজু এ ইউ,
পেৰা ছিটিং শাখাত হৰিশ বৰ্মা
পেৰা ষ্টেণ্ডিং শাখাত শ্ৰীনিবাস
আৰু পেৰা ষ্টেণ্ডিং মহিলাত পাৰ্লিন কৌৰক ‘চেম্পিয়ন অৱ চেম্পিয়ন’ হিচাপে ঘোষণা কৰা হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
