যোৰহাট, লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত আজি ১৯ এপ্ৰিলত ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। পুৱাৰ ৭ বজাৰ পৰাই ভোটগ্ৰহণ কেন্দ্ৰ সমূহত দেখা গৈছে ব্যাপক ব্যস্ততা ৷ লগতে ভোট কেন্দ্ৰসমূহত পুৱাৰ পৰাই পৰিলক্ষিত হৈছে ভোটাৰৰ দীঘলীয়া শাৰী ৷ ১২নং লক্ষিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ধেমাজি বিধানসভা সমষ্টিৰ ৬৫ নং পশ্চিম গোগামুখ এমই স্কুলত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়ে নিজ নিজ ভোট দান কৰে । এই কেন্দ্ৰটোত মুঠ ভোটাৰ হৈছে ৮১২ জন। ইয়াৰ ভিতৰত পুৰুষ ভোটাৰ হৈছে ৩৮৬ জন আৰু মহিলা ভোটাৰ হৈছে ৪২৬ গৰাকী।
একেদৰে ১৪ নং যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ৯৮ নং মাজুলী বিধানসভা সমষ্টিৰ বিধায়ক ভুবন গামে ২৮৪ নং আঠিয়াগুৰি প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত শাৰী পাতি ভোট প্ৰদান কৰে। উন্নয়নৰ স্বাৰ্থত মাজুলীবাসী বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী তপন কুমাৰ গগৈক ভোট প্ৰদানৰ বাবে ওলাই আহিছে বুলি মন্তব্য কৰে বিধায়ক ভুবন গামে।
আনহাতে পুৱা ৭ . ২০ বজাত ভোটদান কৰে আমগুৰি সমষ্ঠিৰ বিধায়ক প্ৰদীপ হাজৰিকাই । যোৰহাট লোকসভাৰ আমগুৰি সমষ্টিৰ ৭২ নং ভূঞাহাট প্ৰাথমিক বিদ্যালয়ৰ ৯১ নং ভোট কেন্দ্ৰত পুৱাই ভোটদান কৰে বিধায়ক প্ৰদীপ হাজৰিকাই ।
ইফালে টীয়কটো একেই পৰিবেশ দেখা গৈছে। লোকসভা নিৰ্বাচনত ভোটদান কৰিবলৈ পুৱাৰে পৰা ভোটাৰৰ ব্য়াপক উৎসাহ দেখা গৈছে।
