
বৰপেটা, ১৩ ছেপ্টেম্বৰ (হি.স.)। বৰপেটাৰোডত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায়। এই অভিযানত বৃহৎ পৰিমাণৰ নিষিদ্ধ হেৰ’ইনসহ এটা ড্ৰাগছ ব্যৱসায়ী আটক কৰা হয়। ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ নাম আতোৱাৰ আলী বুলি পৰিচয় পোৱা গৈছে।
বৰপেটাৰোড আৰক্ষীয়ে শুক্ৰবাৰে নিশা অভিযান চলাই ড্ৰাগছৰ পেকেটসহ ড্ৰাগছ ভৰাবলৈ ব্যৱহাৰ কৰা বহুসংখ্যক খালী কন্টেইনাৰ জব্দ কৰে। আতোৱাৰ আলী নামৰ এই ড্ৰাগছ ব্যৱসায়ীটোৱে বৰপেটাৰোড চহৰত দীর্ঘ দিনৰ পৰা ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
