বৰপেটা ৰোডত ড্ৰাগছ বিৰোধী অভিযানত উল্লেখযোগ্য সফলতা লাভ কৰিছে আৰক্ষীয়ে। গোপন সূত্ৰৰ ভিত্তিত চলোৱা অভিযানেৰে স্থানীয় ৰাইজৰ সহায়ত আটক কৰা হৈছে দুই দুধৰ্ষ ড্ৰাগছ সৰাবৰাকাৰীক। এই অভিযানত বহু পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ আৰু ড্ৰাগছ ব্যৱহৃত সামগ্ৰী জব্দ কৰা হৈছে।
BulletsIn
-
বৰপেটা ৰোডত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছৰ সৈতে আটক হৈছে দুজন ড্ৰাগছ সৰাবৰাকাৰী।
-
অভিযানটো কৰা হয় দেওবাৰে বিয়লি বৰপেটা ৰোড থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামল জ্যোতি শইকীয়াৰ নেতৃত্বত।
-
অভিযানত সহযোগিতা কৰে স্থানীয় ৰাইজে।
-
আটক কৰা দুজন লোক হৈছে মিয়াজ উদ্দিন (৩২) আৰু জিয়াৰুল ইছলাম (২৮)।
-
মিয়াজ উদ্দিনৰ ঘৰ বৰপেটা ৰোডৰ মনিপুৰ গাঁৱত আৰু জিয়াৰুল ইছলামৰ ঘৰ উত্তৰ আঠিয়াবাৰীত।
-
দুয়ো অভিযুক্তে নিজৰ বাসগৃহৰ পৰা ড্ৰাগছৰ বেহা চলাই আহিছিল।
-
স্থানীয় ৰাইজৰ সন্দেহৰ ভিত্তিত আৰক্ষীক জনোৱা হৈছিল।
-
অভিযানত আৰক্ষীয়ে প্ৰায় ৭ গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰে।
-
লগতে ৬৫টা খালি প্লাষ্টিক কন্টেইনাৰ আৰু এটা ড্ৰাগছ সেহন কৰিবলৈ ব্যৱহৃত ইন্সুলিন চিৰিঞ্জো উদ্ধাৰ কৰে।
-
বৰ্তমান আৰক্ষীয়ে ধৃত দুজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।
