বৰপেটা, ২৮ জানুৱাৰী : সৰভোগৰ ডেকাৰবড়ীত ক্ৰীড়া সন্থাৰ উদ্যোগত চতুৰ্থ বাৰ্ষিক সদৌ অসম ভিত্তিত প্ৰাইজমানী দিবা-নৈশ টেনিছ বল ক্ৰিকেট খেল প্ৰতিযোগিতা উপলক্ষে জুবিন গাৰ্গৰ সংগীত অনুষ্ঠানত। জুবিন গাৰ্গে অনুষ্ঠানত উপস্থিত হৈ ডেকাৰবড়ী ক্ৰীড়া সন্থাক ধন্যবাদ জনায়।
ক্ৰিকেটৰ প্ৰচাৰ প্ৰসাৰৰ বাবে সন্থাৰ এই প্ৰচেষ্টা অতি সুন্দৰ বুলি জুবিন গাৰ্গে কয়। তেওঁ লগতে কয় যে অসমত ইমান ভাল ভাল খেলুৱৈ আছে সি ক্ৰিকেটাৰে হওক বা ফুটবলাৰে হওঁক তেওঁলোকক প্ৰমোট কৰিব লাগে, এইটো আমাৰ দায়িত্ব। বৰ্তমান আকৰ্ষণীয় ফৰ্মত থকা যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ সন্দৰ্ভত জুবিনে কয় যে ৰিয়ান মোৰ ভাগীন হয়। সকলোৱে খেলক ভালকৈ আগবাঢ়ি যাওক অল ইণ্ডিয়া, ইণ্টাৰনেচেল স্তৰত ভালকৈ খেলক সেইটো বিচাৰো। জুবিনে লগতে কয় যে ষ্টেডিয়ামখন ভালকৈ ৰাখিব, ভালকৈ খেলিব কেতিয়াবা মইয়ো খেলিব আহিম বুলিও জুবিনে অনুষ্ঠানত উপস্থিত থাকি কয়।
