নতুন দিল্লী,। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি (বুধবাৰ) বিয়লি ৪ বজাত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বঞ্চিত শ্ৰেণীক ঋণ সাহায্যৰ বাবে দেশজোৰা প্ৰচাৰ উপলক্ষে এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে সামাজিক উত্থান আৰু কৰ্মসংস্থাপন ভিত্তিক জনকল্যাণৰ বাবে ৰাষ্ট্ৰীয় ‘পিএম-সুৰজ পৰ্টেল’ মুকলি কৰিব। লগতে বঞ্চিত শ্ৰেণীৰ এক লাখ উদ্যোগীক ঋণ সাহায্যৰ অনুমোদন দিয়া হ’ব। এই তথ্য অনুষ্ঠানৰ প্ৰাকক্ষণত প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰোৱে (পি আই বি) শ্বেয়াৰ কৰে। ইয়াৰ সমান্তৰালকৈ বিজেপিয়ে প্ৰধানমন্ত্ৰীৰ আজিৰ দুটা কাৰ্যসূচীৰ তথ্যও নিজৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে।
প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰোৰ তথ্য অনুসৰি ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনুসূচিত জাতি, পিছপৰা শ্ৰেণী আৰু অনাময় কৰ্মীকে ধৰি বঞ্চিত গোটৰ বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ সৈতেও মত বিনিময় কৰিব। এই উপলক্ষে তেওঁ ৰাজহুৱা সভাতো ভাষণ দিব। প্ৰধানমন্ত্ৰী-সুৰাজ নেচনেল পৰ্টেল প্ৰধানমন্ত্ৰীৰ অভাৱগ্ৰস্তক অগ্ৰাধিকাৰ দিয়াৰ প্ৰতিশ্ৰুতিৰ প্ৰতীক। এইটো এটা ডাঙৰ পৰিৱৰ্তনশীল পদক্ষেপ। ইয়াৰ উদ্দেশ্য সমাজৰ অতি বঞ্চিত শ্ৰেণীক উন্নীত কৰা। সমগ্ৰ দেশৰ যোগ্য ব্যক্তিসকলক বেংক, ননবেংকিং বিত্তীয় কোম্পানী (এনবিএফচি), ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান (এমএফআই) আৰু অন্যান্য সংস্থাৰ জৰিয়তে ঋণৰ সাহায্য প্ৰদান কৰা হ’ব।
এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে নেশ্যনেল একচন ফৰ মেকানিকেল চেনিটেচন (নমস্তে) আঁচনিৰ অধীনত ছাফাই মিত্ৰছ (নলা আৰু চেপ্টিক টেংকৰ কৰ্মী)ক আয়ুষমান হেল্থ কাৰ্ড আৰু পিপিই কিটও বিতৰণ কৰিব। প্ৰত্যাহ্বানমূলক পৰিস্থিতিত কাম কৰা ফ্ৰণ্টলাইন কৰ্মীসকলৰ স্বাস্থ্য আৰু সুৰক্ষাৰ দিশত এই পদক্ষেপ আন এক গুৰুত্বপূৰ্ণ প্ৰচেষ্টা। বিভিন্ন চৰকাৰী আঁচনিৰ বঞ্চিত গোটৰ পৰা প্ৰায় তিনি লাখ হিতাধিকাৰীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এইসকল লোকে দেশৰ ৫০০ৰো অধিক জিলাৰ পৰা এই কাৰ্যসূচীত যোগদান কৰিব।
